কৃষ্ণা ৰাণীয়ে এপ্ৰিল মাহটো সদায়ে আটাইতকৈ সুখকৰ মাহ বুলি জানিছিল। পাঞ্জাৱত ঘেঁহুৰ খেতি চপোৱাৰ পিছতে তেওঁ হাতেৰে বনোৱা কুলা, যাক স্থানীয় ভাষাত চ্চজ বুলি কোৱা হয়, তাৰ চাহিদা ঘুৰি আহিছে। কম সময়ৰ বাবে হ’লেও তেওঁৰ আয় বাঢ়ে, তাৰ লগতে বাঢ়ে তেওঁৰ আত্মবিশ্বাস আৰু সবল হয় স্বতন্ত্ৰতাৰ ভাৱ।
১৭ বছৰ ধৰি এপ্ৰিল মানে কৃষ্ণা ৰাণীৰ বাবে ব্যস্ততাৰ সময়, ধৰা-বন্ধা কামৰ মাহ। সেই মাহটোত তেওঁৰ দিনটো আৰম্ভ হয় পুৱা ৫ বজা। উঠে সোনকালে যাতে তেওঁ ফাজিলকা জিলাৰ নিজ গাওঁ তল্লি ৱালা বোডলাৰ পৰা ৬ বজাৰ বাছখন ধৰিব পাৰে। তেওঁৰ মূৰত থাকে চ্চজৰ এটা বোজা। তেওঁ গোটেই দিনটো ইখনৰ পিছত সিখন গাঁৱলৈ গৈ ঘৰে ঘৰে সেই চ্চজবোৰ বিক্ৰী কৰে।
গাঁৱে গাঁৱে যাওতে তেওঁ মাজে-সময়তে চিনাকি মাত পায়। বয়সস্থ মহিলা, যিসকল আগতে তেওঁৰ গ্ৰাহক আছিল, তেওঁলোকে প্ৰায়ে তেওঁক দেখি মাত লগায়, “বেবে, কিথে চ্চজ চক্কি ফিৰদি হ্যে? আজকল দি কুৰিয়া নু চ্চজ ফড়ন ভি নহী আন্দে [হেৰা, চ্চজবোৰ ক’লৈ লৈ গৈ আছা? আজিকালিৰ ছোৱালীয়ে সেইবোৰ ক’ত ধৰিব লাগে, তাকেই নাজানে]।”
তেওঁলোকে কোৱা কথা কিম্বা কমি অহা চাহিদা কোনোটোৱে তেওঁক নিৰুৎসাহিত নকৰে। যোৱা চাৰিটা দশকত তেওঁ এবাৰো আইতাকৰ দিন ধৰি চলি অহা এই হস্তকলা এৰি দিয়াৰ কথা ভবা নাই। “মই কিয় এৰি দিম? জিত্থে কৌই কৰন ভলা নহী চি, চদনা কাদে ৱাস্তে চি? এদে তে চি ৰৌটি [যেতিয়া মোক সহায় কৰিবলৈ কোনো নাছিল, তেতিয়া এই কামৰ পৰাই চাউলকঠা আহিছিল],” এইবছৰ ফেব্ৰুৱাৰীত লগ পাওতে তেওঁ মোক এইষাৰ কথা প্ৰথমে কৈছিল। তেওঁৰ ঝুগ্গিটো সন্মুখত বহি ৫০ বছৰ বয়সীয়া মহিলাগৰাকীয়ে আহি থকা চিজনৰ বাবে চ্চজ বনাই আছিল।



























