কেৰালাৰ ৯ম মানৰ ছাত্ৰীগৰাকীয়ে মালায়লম ভাষাৰ প্ৰশ্নকাকতখন মেলি লৈ দেখিলে যে তাত এটা কবিতাৰ উল্লেখ আছে - তানিচ্চিৰিক্কুম্বল (মই যেতিয়া অকলে থাকো)। মানুহ অকলে থকা সময়ত কিদৰে জীৱনত নীৰৱতা, নিঃসংগতাৰ লগতে স্পষ্টতা আহে সেই কথা কবিতাটোত আছিল। পৰীক্ষাত বহা লাখ লাখ কিশোৰ-কিশোৰীয়ে জনা নাছিল যে তেওঁলোকে এগৰাকী যুৱ কবি পি.এ. চেবাই লিখা কবিতা তেওঁলোকে পঢ়ি আছে।
একেটা বৰ্ষতে, ২০২৩ত চেবাই বিৰল পড়ুতিলে আকাশংগল নামে চিন্তা-চৰ্চা, কবিতা আৰু দৃশ্যগত প্ৰকাশভংগীৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰে। স্পাইনেল মাস্কুলাৰ এট্ৰফি (এচএমএ) নামে এক বিৰল বংশগত ৰোগ যিয়ে পেশীবোৰ দুৰ্বল কৰি পেলায়, তাক লৈ কটোৱা জীৱনটোৰ অভিজ্ঞতাৰে সমৃদ্ধ আছিল সেইখন গ্ৰন্থ। এই ৰোগত ৰোগীয়ে ধীৰে ধীৰে নিজৰ দেহৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়, আনকি উশাহো টিউবৰ যোগেদিহে ল’বলগীয়া হয়।
পৰীক্ষাত বহাসকলে, কিম্বা দুৰ-দুৰণিৰ পাঠকে জনা নাছিল যে সেই কবিতাৰ লিখকে কিমান বছৰ ধৰি নিজৰ কোঠাৰ পৰা ওলাব পৰা নাছিল। ৱিণ্ডপাইপত টিউব লগোৱা অৱস্থাত শয্যাগত হৈ তেওঁৰ কলমেৰে নিগৰিছিল জীৱনৰ সেই অভিজ্ঞতা। ছবছৰৰো অধিক কাল চেবাই এডাল ট্ৰেচেষ্টমি টিউবেৰে উশাহ লৈছে। তেওঁ খোজ কাঢ়িব, বহিব কিম্বা জোৰ নিদিয়াকৈ গিলিব নোৱাৰে।
২৭ বছৰীয়া চেবাই তেওঁৰ ম’বাইল ফোনটোৰ যোগেদিয়েই সৃষ্টিশীল জগতখনত খোজ দিছে। ২০১৮ত তেওঁ নিজৰ ৫ ইঞ্চিৰ ম’বাইল ফোনটোত বৰ কষ্টৰে লিখা নিজৰ লেখাবোৰ অনলাইন পোষ্ট কৰিবলৈ লয়।
পি বেণুগোপালে তেওঁৰ লেখাবোৰ সামাজিক মাধ্যমত দেখিলে। “তেওঁৰ শব্দবোৰ তীখাৰ দৰে তীক্ষ্ণ,” তিৰুবনন্তপুৰমৰ সাংবাদিকগৰাকীয়ে কয়। “তেওঁ এনেকৈ লিখে যেন তেওঁ শ বছৰ জীয়াইছে, তথাপি তৰুণ হৈ ৰৈছে।” এতিয়াও তেওঁ যেতিয়া লিখি লিখি ভাগৰি পৰে, তেতিয়া তেওঁক টাইপ কৰা আৰু সম্পাদনা কৰাত বেণুগোপালে সহায় কৰি দিয়ে। “তেওঁ মালায়লম আৰু ইংৰাজী ভাষাত সমানে সুন্দৰকৈ লিখিব পাৰে। তেওঁৰ ভাগৰ লাগিলে মাত্ৰ মই লিখাত সহায় কৰি দিও।”
সজাত বন্দী কিন্তু শব্দই বেৰ ভাঙি যায় - শীৰ্ষক লেখাটো ২০২৩ৰ নৱবৰ্ষৰ পহিলা দিনটোত টেলিগ্ৰাফৰ প্ৰথম পৃষ্ঠাতে ছপা হৈছিল। সম্পাদক আৰ ৰাজাগোপালে ফেচবুকত তেওঁৰ সেই লেখাটো দেখিছিল আৰু টেলিগ্ৰাফত সেয়া প্ৰকাশ কৰিব বিচাৰিছিল। তাৰপিছতে তেওঁৰ মালায়লম লেখাবোৰ একত্ৰিত কৰি বিৰল পাড়ুতিলে আকাশংগাল (আঙুলিৰ ফাঁকেৰে দেখা আকাশখন) নামেৰে এক গ্ৰন্থ প্ৰকাশিত হয়। কেৰালাৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱে এই গ্ৰন্থখন ২০২৩ৰ জানুৱাৰীত এৰ্ণাকুলম প্ৰেছ ক্লাবত মুকলি কৰে। তেওঁ মাকৰ ফোনত ঘৰৰ কোঠাৰ পৰাই নিজৰ গ্ৰন্থখন উন্মোচন কৰা চাইছিল।
“তেওঁ মাকক কৈ আছিল, ‘চোৱা মা, মোৰ আকাশখনে মানুহক চুইছে,’” মাক ছাবিৰাই পাৰিক কয়।










