২০১৮ৰ ১২ মাৰ্চত ৪০ হাজাৰ কৃষকে মুম্বাই মহানগৰীলৈ আহিছিল বিধানসভা ভৱন ঘেৰাও কৰিবলৈ, যাতে কৃষকৰ উৎপাদিত শস্যৰ নায্য মূল্য, কৃষি ঋণ ৰেহাই, বন অধিকাৰ আইন কাৰ্য্যতঃ ৰূপায়ণ আৰু কৃষকৰ ৰাষ্ট্ৰীয় আয়োগৰ পৰামৰ্শৱলী (স্বামীনাথন আয়োগ) কাৰ্য্যতঃ প্ৰয়োগ কৰা আদি বিভিন্ন দাবী সম্পৰ্কত ৰাজ্য চৰকাৰে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়।
কৃষকৰ সমস্যাসমূহৰ প্ৰতি ৰাষ্ট্ৰৰ ক্ৰমবৰ্দ্ধমান উদাসীনতা আৰু অনীহাত ব্যথিত আৰু মহাৰাষ্ট্ৰৰ ক্ষুব্ধ কৃষকে অখিল ভাৰতীয় কিষাণ সভাই আয়োজন কৰা লং মাৰ্চত অংশগ্ৰহণ কৰে। তেওঁলোকে নাছিক চহৰৰ চিবিএছ চ’কৰ পৰা যাত্ৰা আৰম্ভ কৰি দক্ষিণ মুম্বাইৰ আজাদ ময়দানলৈ ১৮০ কিলোমিটাৰ পথ খোজকাঢ়ি আহি পাওতে ছটা দিন লাগিল।
আজাদ ময়দানত বহি হাজাৰ হাজাৰ কৃষকে তেওঁলোকৰ নেতৃবৰ্গৰ বক্তৃতা ধৈৰ্য্য সহকাৰে শুনিছিল। সেইখিনি সময়তে আনফালে কৃষকৰ প্ৰতিনিধি দল এটা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যায়। তেওঁলোকৰ আশা এটাই যে কৃষক সমাজৰ দাবীসমূহ বিবেচনা কৰা হ’ব আৰু এই দীঘল কঠিন যাত্ৰাই চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিব।
এই ঘটনাৱলীৰ পৰা অনুপ্ৰাণিত হৈ পাৰিৰ জ্যোতি চিনৌলিয়ে ভাৰতৰ কৃষকৰ জীৱন আৰু সেই কৃষকে ক’ব খোজা কথা এক হৃদয়স্পৰ্শী কবিতাৰে তুলি ধৰিবলৈ যত্ন কৰিছে। তাৰ লগতে আগবঢ়োৱা হৈছে পাৰি টিমে প্ৰস্তুত কৰা ভিডিঅ’ এটা। এই ভিডিঅ’টো লং মাৰ্চৰ প্ৰথম আৰু শেষৰ দিনকেইটাক লৈ প্ৰস্তুত কৰা হৈছে।


