কালিন্দী ঘাটৰ পৰা উত্তৰলৈ আৰু আগবাঢ়ি গ’লে নদীখন বহল হয় আৰু বতাহত ৰাসায়নিকৰ গন্ধ বাঢ়ি যায়। নদীৰ পানীৰ ওপৰত বগা বগা ফেনৰ ঘন তৰপ পৰিছে আৰু বতাহ অতিশয় বিষাক্ত হৈ পৰিছে।
তাতেই ফিৰোজ মালিকে (৪১) আন এক ধৰণৰ সেৱা আগবঢ়ায়। তেওঁ হিন্দু ধৰ্মৰ ৰীতি অনুসৰি মৃতকৰ অস্থি যমুনা নদীত বিসৰ্জন কৰে। পানী যিমানেই আৱৰ্জনাৰে ভৰি নাথাকক কিয়, তেওঁ পানীত নামে। “পানীত নমাৰ পিছত ফেন আৰু আৱৰ্জনাৰ বাবে উশাহ ল’ব নোৱাৰা অৱস্থা হয়। কোনোবা যদি বেছি সময় পানীত থাকে আৰু ফঁচি যায়, তেতিয়া আৰু বাচি থকাৰ সম্ভাৱনা নাই,” তেওঁ কয়। কিন্তু ফিৰোজৰ কাৰণে সেই পানীত জুব মৰাতো নিত্য-নৈমিত্তিক কাম।
যমুনা নদীখন দিল্লীত কেৱল টুকুৰা-টুকুৰকৈহে জীয়াই আছে। এক শ্বাসৰুদ্ধ অৱতাৰ হৈ বৈ আছে। নদীখনৰ ওপৰত জীৱিকাৰ বাবে নিৰ্ভৰ কৰা বনাৰসী আৰু ফিৰোজৰ দৰেই, যাৰবাবে বিপজ্জনক কামেই জীৱিকা।
নদীখনে নীৰৱে সহে। একেদৰে নদীখনৰ ওপৰত নিৰ্ভৰ কৰা মানুহখিনিয়েও। ডুবিব ধৰা অচিনাকি লোকক বচোৱা আৰু মৃতদেহ উদ্ধাৰ কৰা কাম কৰি অহা মানুহখিনি। অভিনন্দনহঁত সাক্ষী হৈ ৰয় কেনেকৈ ভক্তই এফালে নদীখনৰ পূজা কৰে আৰু আনফালে প্ৰদূষিত কৰি থৈ যায়। অভিনন্দনহঁতেই যমুনাৰ মানুহ - দীৰ্ঘদিন ধৰি আতিশায্য ভুগি থকা যমুনাৰ কান্দোন তেওঁলোকেই শুনা পায়।
অনুবাদ: পংকজ দাস