মনাই চকুদুটা মুদি আছে। এহাতে এডাল গৰম ৰড, আনখন হাতত ফোপোলা সৰু বাঁহৰ টুকুৰা। বাঁহৰ টুকুৰাডালত তেওঁ এফালৰ পৰা এটাৰ পিছত আনটো ফুটা কৰি গৈছে। মুঠ ছটা ফুটা।
চকুকেইটা মেলি তেওঁ কয়, “বাঁহী এটা বনাবলৈ দক্ষতা লাগে আৰু হাতখন খৰ হ’ব লাগে।” তাৰপিছতে আকৌ তেওঁ হাঁহি মাৰি কয়, “পুৰুষে আকৌ এই কাম কৰিব নোৱাৰে, বৰ টান কাম।” মনা (তেওঁ নিজৰ এই নাম ব্যৱহাৰ কৰাটো পছন্দ কৰে) তৃতীয় প্ৰজন্মৰ বাঁহী নিৰ্মাতা। “বাঁহীটো সৰল কিন্তু সূক্ষ্ম সঁজুলি,” ৩৫ বছৰীয়া বাঁহীনিৰ্মাতাগৰাকীয়ে কয়। “ফুটাকেইটা নাথাকিলে ই এডাল বাঁহৰ টুকুৰা মাত্ৰ, কিন্তু সঠিক ঠাইত ফুটা কৰিলে ইয়েই সুৰৰ সম্ভাৰ আনিব পাৰে। কানহা জী (ভগৱান শ্ৰীকৃষ্ণ)ৰ ই প্ৰতীক।”
তেওঁ প্লাষ্টাৰ নকৰা মজিয়া এখনৰ মাজতে বহি আছে। কাষতে আছে এটা চৌকা। ভিতৰত জ্বলি থকা কয়লাৰ অঙঠা। পোহৰ বুলিবলৈ ছাদৰ ওপৰত থকা কোঠাটোত থকা এখনমাত্ৰ খিৰিকীৰে সামান্য পোহৰ সোমাই আহিছে। বাহিৰৰ আকাশত চিলা উৰিছে।













