গোৱালৈ আহি মোৰ দীৰ্ঘদিনীয়া হাতঘড়ী পিন্ধাৰ অভ্যাসটো প্ৰায় নোহোৱাৰ দৰেই হৈছে৷ ইয়াত কোনো এটা কামেই সময়ত নহয়৷ বাছ সময়মতে নচলে৷ তথাপিও কিন্তু আপোনাৰ বিশেষ একো লোকচান নহয়৷ পাঞ্জিমৰ পৰা পোণ্ডালৈ এই ত্ৰিশ কিলোমিটাৰ দৈৰ্ঘৰ পথ থিয় হৈ এখন ভিৰ বাছত যাত্ৰা কৰাটো এক সুগম যাত্ৰা নাছিল যদিও বাছৰ হেন্দোলনিৰ মাজত জাপ খাই আহিব খোজা চকুজুৰি কোনোমতে খুলি ৰাখি ডেৰ ঘণ্টা সময় কেনেদৰে পাৰ হ’ল গমেই নাপালো৷ ছিগমো উৎসৱস্থলীত প্ৰৱেশ কৰাৰ লগে লগে যেন সেই হেৰুওৱা শক্তি দেহত দুগুণে সঞ্চাৰিত হ’বলৈ ধৰিলে৷
চাৰিশ পঞ্চাশ বছৰ ধৰি ৰাজ্যখনত পৰ্তুগীজে শাসন কৰাৰ পিছত গোৱাৰ যি সাংস্কৃতিক-সামাজিক পৰিৱৰ্তন হ’ল, তাৰ মাজতে এই হিন্দু উৎসৱ ছিগমোৎসৱে এতিয়াও প্ৰাচীন লোকসংস্কৃতিৰ ধাৰা সসন্মানে বহন কৰি আহিছে৷ ই হ’ল এক পৰম্পৰাগত লোক উৎসৱ৷ বহুতে ইয়াক ‘হিন্দু উৎসৱ’ বুলিও কয়৷ উত্তৰ ভাৰতত পালন কৰা ফাকুৱা উৎসৱৰ সৈতে এই উৎসৱৰ সাদৃশ্যতা আছে৷ শীত অথবা শস্য চপোৱা সময়ছোৱাৰ সমাপ্তি আৰু বসন্তৰ ফল্গুধাৰাক উদযাপন কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হয়৷ যদিওবা ছিগমো ঘাইকৈ গ্ৰাম্য সমাজৰ লোকেহে পালন কৰে, গোৱা চৰকাৰে বিগত ত্ৰিশ বছৰ ধৰি পাঞ্জিম আৰু ভাস্কোৰ দৰে চহৰসমূহত পৰ্যটকসকলক আকৰ্ষণ কৰিব পৰাকৈ এই উৎসৱৰ আয়োজন কৰাৰ লগতে পৃষ্ঠপোষকতা কৰি আহিছে৷ কিন্তু উৎসৱটোৰ গৰিমাৰ তুলনাত ই যিমানখিনি প্ৰসাৰিত হ’ব লাগিছিল সিমানখিনি হ’বগৈ পৰা নাই৷ স্থানীয় লোকসকলৰ মতে স্বকীয় পশ্চিমীয়া সোৱাদ থকা এই উৎসৱটো গোৱাৰ বিদেশী পৰ্যটকসকলৰ মাজত বহুলাংশে প্ৰচাৰ কৰা হৈছে। প্ৰকৃততে কিন্তু ই তেওঁলোকক বিশেষভাৱে আকৰ্ষিত কৰা যেন অনুভৱ নহয়৷ প্ৰতি বছৰে অনুষ্ঠিত হোৱা ছিগমো উৎসৱ স্থানীয় লোকসকলৰ আন্তৰিক হৰ্ষোল্লাসৰ এক গভীৰ অনুৰণন আৰু লগতে তেওঁলোকৰ জীৱিকাৰ এক উৎসও৷ আৰু ই এক ভাল লক্ষণ হিচাপেও পৰিগণিত হৈছে৷ ছিগমোৰ শোভাযাত্ৰাত ব্যৱহাৰ হোৱা উপাদানসমূহ যেনে সাজপোছাক, কৃষিজাত সঁজুলি, সংগীত সঁজুলি আৰু নৃত্যসমূহ এতিয়াও বাণিজ্যিক পৃষ্ঠপোষকতাৰ ছাঁ নপৰাকৈ সম্পূৰ্ণ থলুৱা হৈ আছে৷ সেয়ে ইয়াত প্ৰদৰ্শিত হৈছে চহা জীৱন শৈলী যি কৃত্ৰিম উদযাপন আৰু বাহ্যিক ধামখুমীয়াৰ পৰা মুক্ত৷ তাৰোপৰি এই উৎসৱত কেৱল পুৰুষেহে অংশগ্ৰহণ কৰে যাৰ ফলত ই এক অনন্য উদযাপন হিচাপে পৰিগণিত হৈছে৷











