শ্যামৰাও আৰু অঞ্জম্মা খাটালেক ইটো সিটো বিভিন্ন বেমাৰে আগুৰি ধৰিছে। কিন্তু তেওঁলোকৰ বাবে চিকিৎসক, চিকিৎসা এইবোৰ একো একোটা ব্যয়বহুল শব্দ৷ ৱাৰ্ধা জিলাৰ আস্তি গাঁৱৰ বাসিন্দা এই দম্পতীহালে লাখ লাখ ভাৰতীয়ৰ দৰে এক কঠোৰ সিদ্ধান্ত লৈছে যে গা যিমানেই বেয়া নহওঁক, তেওঁলোকে ডাক্তৰৰ ওচৰলৈ নাযায়৷ ভাৰতৰ প্ৰায় একৈশ শতাংশ লোকে তেওঁলোকৰ ৰোগৰ বাবে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে৷ এই পৰিসংখ্যা এটা দশক পূৰ্বে আছিল প্ৰায় এঘাৰ শতাংশ৷ সৰলভাৱে ক’বলৈ গ’লে চিকিৎসা সেৱাৰ ব্যয় বহন কৰিবলৈ তেওঁলোক অসমৰ্থ৷ ‘‘ডাক্তৰৰ ওচৰলৈ গ’লোৱে যেনিবা, ডাক্তৰে লিখি দিয়া দৰৱ কিনিবলৈ পইচা ক’ত আছে আমাৰ?’’ শ্যামৰাৱে এইদৰে প্ৰশ্ন কৰে৷
যোৱা জুলাইত তেওঁলোকৰ সন্তান প্ৰভাকৰ খাটালেয়ে আত্মহত্যা কৰে৷ কৃষিখণ্ডত চলি থকা চৰম নিৰাশা আৰু নৈৰাজ্যৰ ফলত পৰিশ্ৰান্ত হৈ পৰিছিল প্ৰভাকৰ৷ ‘‘ঋণৰ কবলৰ পৰা উদ্ধাৰ হ’ব নোৱাৰাৰ ফলতেই তেওঁ এই চৰম সিদ্ধান্ত লৈছিল’’, শ্যামৰাৱে এইদৰে কয়৷ এই মৰ্মান্তিক ঘটনাই মানসিকভাৱে গভীৰ আঘাত পেলাইছিল প্ৰভাকৰৰ ভাতৃৰ ওপৰতো৷ মানসিক অৱসাদগ্ৰস্ত হৈ তেওঁ আনকি বৃদ্ধ পিতৃ-মাতৃৰো শুশ্ৰূষা কৰিবলৈ অসমৰ্থ হৈ পৰে৷ তেওঁ চিকিৎসকৰ সহায় ল’বলৈও অস্বীকাৰ কৰে৷
‘স্বাস্থ্যই পৰম ধন’- এই আপ্ত বাক্যশাৰীক এক নতুন অৰ্থ প্ৰদান কৰিছে কাঠফুলাৰ দৰে য’তে ত’তে গজি উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱা কেন্দ্ৰসমূহে৷ চৰকাৰী স্বাস্থ্যখণ্ডত উন্নত স্বাস্থ্যসেৱাৰ লাভৰ পৰা বিমুখ হোৱা লোকসকলে উপায়বিহীন হৈ ব্যক্তিগত খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানলৈ ঢাপলি মেলিবলগীয়া হয় আৰু সেই পৰিস্থিতিৰ সুযোগ লাভ কৰে ব্যক্তিগত চিকিৎসালয়ৰ প্ৰশাসন আৰু চিকিৎসকসকলে৷ সমগ্ৰ দেশৰ গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে স্বাস্থ্য সেৱা এতিয়া ঋণৰ বোজাত পোত যোৱাৰ এক নতুন দুৱাৰ৷ (ভাৰতৰ জনমূৰি স্বাস্থ্য ব্যয় বিশ্বৰ ভিতৰতে অতিশয় কম৷ স্বাস্থ্যখণ্ডত দেশৰ জিডিপিৰ ১ শতাংশতকৈও কম ব্যয় হয়৷)
সেই একেখন জিলাৰ ৱেইফাড় গাঁৱত গোপাল ভিথোবা যাদৱ নামৰ খেতিয়কজনে চিকিৎসা সেৱাৰ বিলৰ ধন পৰিশোধ কৰিবলৈ মাটি বন্ধকত থৈছে৷ ‘‘মাত্ৰ চল্লিশ মিনিটৰ চিকিৎসাৰ বাবে মই দহ হাজাৰ টকা ভৰিবলগীয়া হ’ল’’, তেওঁ এইদৰে ক্ষোভ উজাৰে৷ এই ধন যোগাৰ কৰাৰ বাবে তেওঁ ন একৰৰ ভূমি বন্ধকত থ’বলগীয়া হ’ল৷ বিগত বছৰসমূহত হোৱা বেয়া খেতিয়ে মাটিটুকুৰা যদিওবা তেওঁৰ নামত হৈ আছে কিন্তু ইয়াৰ প্ৰকৃত গৰাকী দৰাচলতে বন্ধকিত লোৱাজনহে।
তেওঁৰ চুবুৰীয়া বিশ্বনাথ যাদেৰ চাৰি একৰ ভূমিৰ সৈতে আঠজনীয়া এটা পৰিয়াল আছে৷ ৰাজহাঁড়ৰ এটা অস্ত্ৰোপচাৰৰ বাবে তেওঁ ত্ৰিশ হাজাৰ টকা ব্যয় কৰিবলগীয়া হ’ল৷ পাঁচহাজাৰ টকাৰ এমআৰআই, চিকিৎসালয়ৰ কোঠালিৰ খৰচ সাত হাজাৰ পাঁচশ টকা আৰু ঔষধত ব্যয় হ’ল বিশ হাজাৰ টকা৷ তাৰোপৰি যাতায়াতকে ধৰি আনুষংগিক খৰচসমূহ আছিলেই৷ সাতে সোতৰই যাদেয়ে এবছৰৰ ভিতৰত প্ৰায় পঁয়ষষ্ঠি হাজাৰ টকা ভৰিবলগীয়া হ’ল৷
চিকিৎসা সেৱাৰ নামত হোৱা ব্যয়ে বহু পৰিয়ালক হতাশাগ্ৰস্থতালৈ ঠেলি দিয়ে৷ দীঘলীয়া চিকিৎসাৰ বিল আৰু কৃষি সংকটত ভুগি যোৱা নৱেম্বৰত নামদেউ বন্দেয়ে আত্মহত্যা কৰিছিল৷ ‘‘চিকিৎসাৰ নামত তেওঁ চন্দ্ৰপুৰ, যৱতমল চহৰ আৰু ৱানিলৈ গৈছিল৷ এই আটাইবোৰত তেওঁ প্ৰায় চল্লিশ হাজাৰ টকা খৰচ কৰিছিল’’, নামদেউৰ ভাতৃ যৱতমলৰ কোঠোৰা গাঁও নিবাসী পাণ্ডুৰঙে এইদৰে কয়৷



