গুলমাৰ্গৰ বৰফাবৃত এঢলীয়া ঠাইত আব্দুল ৱাহাব থোকৰে পৰ্য্যটকক তেওঁৰ শ্লেজ গাড়ীত উঠাবলৈ বুলি আশা পালি আছিল। কিন্তু ২০২৪ৰ ১৪ জানুৱাৰীত হতাশ থোকৰক দেখা গ’ল তেওঁৰ গাড়ীখনৰ ওপৰত বহি থকা অৱস্থাত। থোকৰ এতিয়া এজন বিধ্বস্ত মানুহ আৰু সন্মুখত সেয়া মুগা বৰণ ধৰা তুষাৰপাতবিহীন এসময়ৰ ৰম্যভূমি গুলমাৰ্গ।
“এতিয়া চিলা-ই-কালান (প্ৰচণ্ড শীতৰ দিন) পৰিছে, কিন্তু গুলমাৰ্গত বৰফ পৰা নাই,” হতাশ আৰু বিস্মিত ৪৩ বৰ্ষীয় থোকৰে কয়। ২৫ বছৰ ধৰি শ্লেজ গাড়ী চলাই অহা থোকৰে জীৱনত এনে হোৱা দেখা নাই। তেওঁ ভয় খাইছে, “পৰিস্থিতি সলনি নহ’লে আমি ভোকত মৰিব লাগিব।”
কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ তুষাৰাবৃত পৰ্বতেৰে ভৰা জনপ্ৰিয় হিল ষ্টেছন গুলমাৰ্গ চাবলৈ দেশ-বিদেশৰ লাখে লাখে পৰ্য্যটক আহে। গুলমাৰ্গত বসতি কৰা ২,০০০ (২০১১ৰ লোকপিয়ল অনুসৰি) লোক আৰু বাহিৰৰ পৰা কামৰ বাবে অহা থোকৰৰ দৰে লোকক সামৰি হিল ষ্টেছনটোৰ যি অৰ্থনীতি, সেয়া এই পৰ্য্যটনেৰেই চলে।
বাৰামুল্লাৰ কালান্তাৰা গাঁৱৰ বাসিন্দা থোকৰে প্ৰতিদিনে স্থানীয় পৰিবহনত ৩০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গুলমাৰ্গলৈ কামৰ আশাত আহে। “এতিয়া গ্ৰাহক পালেও মই খুব বেছি ১৫০-২০০ টকাহে পাও, কিয়নো শ্লেজগাড়ীখন চলাবলৈ বৰফ নাই,” তেওঁ কয়। “তাৰ সলনি এতিয়া গোট মৰা জলাশয়ত গ্ৰাহকক কেৱল ফেৰি কৰাও।”
“শীতকালত গুলমাৰ্গলৈ অহাটো এক ‘অদ্ভুত অভিজ্ঞতা’, এইবুলি জম্মু আৰু কাশ্মীৰৰ ৱেবছাইটত উল্লেখ আছে, ‘বগা চাদৰ এখনৰ দৰে গোটেইখন বৰফেৰে ভৰি থাকে, যিটো স্কী’য়েৰসকলৰ বাবে সৰগ সদৃশ। তাত প্ৰাকৃতিকভাৱে গঢ়ি উঠা হেলনীয়া গৰাবোৰ স্কীয়েৰসকলৰ দুঃসাহকিতাৰ ঠাই।













