গৰম দিনৰ কথা। আবেলিৰ ভাগত আমি এনেয়ে পৰি আছিলো। মোৰ চাৰি কুৰি বছৰ বয়সীয়া আইতা কুসুম ভাংকুন্দ্ৰেয়ে মোৰ কাষতে চকী এখনত বহি এখন তোৰন (দুৱাৰত ওলমাই ৰখা এখন সজোৱা কাপোৰ) বই আছিল। কলেজ খোলা নাছিল, গ্ৰীষ্মৰ বন্ধ চলি আছিল। ইমান গৰম পৰিছিল যে ক’লৈকো ওলাইও যাব নোৱাৰি। মুম্বাইত উষ্ণতা ৩৯.৭ ডিগ্ৰী চেলচিয়াছ চুইছিল। দশকটোৰ ভিতৰতে সৰ্বাধিক। দুপৰীয়াৰ সাজ খাই অলপ ভাতঘূমতিৰ ভাৱ আহিছিল। কাষতে আইতা। আইতাই ইতিমধ্যে অতীতৰ স্মৃতিৰ দলিচাত খোজ পেলাইছিল, ময়ো তেওঁৰ কথাবোৰৰ পিছে পিছে মনৰ মাজতে খোজ লৈছিলোঁ।
“মহাৰাষ্ট্ৰৰ ছাতাৰা জিলাৰ বাডগাঁও নামে সৰু গাঁও এখনত মোৰ জন্ম। তাত ৩৩ কোটি দেৱ-দেৱীৰ সৈতে জয়ৰাম স্বামীৰ এটা প্ৰাচীন মন্দিৰ আছিল। মই পঢ়া স্কুলখন এই মন্দিৰৰে এটা বিশাল প্ৰাংগণত বহিছিল। খেলা-ধূলা কৰিবলৈ ঠাইখন আহল-বহল আছিল। স্কুল ছুটি হোৱাৰ পিছত আমি হুতুতু, কাবাডী, লংৰি আদি খেলিছিলোঁ। নাগ পঞ্চমী উৎসৱৰ দিনা আমি কেইজনীমান ছোৱালীয়ে মিলি ফুগাড়ি (এক প্ৰকাৰৰ লোকনৃত্য) নাচিছিলো আৰু গান গাইছিল। মোৰ চাৰিজনী ভনী আৰু মই মিলি বৰ আনন্দ কৰিছিলোঁ।
আমাৰ গাঁৱৰ স্কুলখনত সপ্তম শ্ৰেণীলৈকেহে পঢ়াৰ সুবিধা আছিল। তাৰ পিছত মই ঊণ গোঁঠা আৰু চিলাই কৰা শিকিলোঁ। পিতাইকো খেতিত সহায় কৰি দিছিলোঁ। চেতি হৌতি, পান মুম্বাই লা কামালা হৌতে। অফিচ মাধে কাম কৰায়াচে, পিয়ন হানান (পিতাইৰ খেতি আছিল। কিন্তু মুম্বাইত তেওঁ কামো কৰিছিল। অফিছ এটাত পিয়নৰ কাম কৰিছিল। আমাৰ গোটেই পৰিয়ালটো গাঁৱতে থাকিছিল। আমাৰ নিজৰ মাটি আছিল। এতিয়াও সেই মাটিখিনি আছে আৰু মোৰ ভাইহঁতে চোৱাচিতা কৰে। প্ৰায় তিনি একৰ মাটি। তেতিয়াৰ দিনত পিতাই, তেওঁৰ ভাই-ককাই আৰু আত্মীয়সকল মিলি মুঠ আঠজন মানুহ এই মাটিৰ অংশীদাৰ আছিল। তেতিয়া চাগে গোটেইখিনি মিলাই ২৩-২৪ একৰমান মাটি আছিল।
এই আঠোজনে মিলি বাজৰা, বাদাম আৰু মগু মাহ সিঁচা আদি খেতিৰ কামৰ বাবে দুজন মাৰাঠী বনুৱা ৰাখিছিল। খেতি চপোৱা কাম আমি কৰিছিলোঁ। বাদাম তুলিছিলোঁ, বুটমাহ তুলিছিলো বা শাক-পাচলি সংগ্ৰহ কৰিছিলোঁ। 'ৱাংগি মাহানা (বেঙেনা), 'পাৱটাচ্যা চেংগা' (ছজিনা), 'হৰভৰাচী ভাজী' (বুটমাহ) চপাইছিলো। এই ব্যস্ততাৰ মাজত মই কেতিয়া ২০ বছৰত ভৰি দিলোঁ, গমকেই নাপালো।
লগে লগে মোৰ বিয়াৰ কথা চলিল। মুম্বাইৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিল আৰু মোৰ বিয়াখন ঠিক হ’ল। ১৯৬৫ চনত আমি আটায়ে মুম্বাইলৈ বুলি ৰাওনা হ’লো। মই, মোৰ আই-পিতাই, ভাই-ভনীহঁত, খুড়া-খুড়ী, পেহা-পেহী আটায়ে মুম্বাইলৈ বুলি ওলালোঁ। বাডগাঁৱৰ পৰা ৰহমতপুৰলৈ বাছেৰে আৰু তাৰ পিছত তাৰ পৰা নৈশ ৰেলেৰে মুম্বাইলৈ ওলালো।
গাঁৱৰ বাহিৰলৈ প্ৰথমবাৰৰ বাবে ওলাইছিলো। মুম্বাই চহৰখনো মোৰ বাবে নতুন আছিল। মুম্বাইচী গৰ্দী পহুন থোড়ে গদবদলায়াচাৰ্হে ঝালে (মহানগৰীৰ অগণন মানুহৰ ভিৰ দেখি মোৰ বুকুখন কঁপিবলৈ ধৰিছিল, মই অপ্ৰস্তুত হৈ পৰিছিলো)। মুম্বাই গৈ পোৱাৰ দ্বিতীয় দিনাই মোৰ বিয়া হৈ গ’ল আৰু মই আন্ধেৰীত থকা মোৰ শহুৰৰ ঘৰলৈ আহিলো। মোৰ স্বামী কৰ্ণাটকৰ আছিল। তেওঁ এটা মটৰ গাড়ী নিৰ্মাণকাৰী কোম্পানীত লাইনমেন হিচাপে কাম কৰিছিল। মই গহনাৰ কাম আৰু মংগলসূত্ৰ গঁথা কাম কৰিবলৈ ল’লো। এনেদৰেই আমাৰ বৈবাহিক জীৱন-যাত্ৰা আৰম্ভ হৈছিল। আমি দুই পুত্ৰ আৰু এজনী জীয়ৰী পালো। এতিয়া মোৰ দুগৰাকী নাতিনী আৰু দুজন নাতি আছে।”
আইতাক সুধিলো, “মুম্বাইৰ বাহিৰলৈও গৈছা, যোৱা নাই জানো?”
“কন্যাকুমাৰী, কলকাতা, জয়পুৰ, কাশী, কাশ্মীৰলৈ গৈছো। ছিংগাপুৰ আৰু নেপাললৈও তোমাৰ ককাৰ সৈতে গৈছো।”
কিন্তু ক’লৈ গৈ আটাইতকৈ ভাল লাগিছিল?
“কাশী ভ্ৰমণ আটাইতকৈ ভাল লগা আছিল। মই মুম্বাইলৈ অহাৰ ৩০ বছৰৰ পিছত মোৰ মা আৰু ভণ্টীৰ সৈতে গৈছিলো। কেৱল মহিলাৰ দল এটা গৈছিল। নবৌয়ে প্ৰায়েই এনেকুৱা ভ্ৰমণত গৈছিল। তেৱেঁই মোক এই বিষয়ে কৈছিল আৰু মোকো লগ নিব বিচাৰিছিল। সেয়ে ময়ো ওলালো।”
আইতাই কৈ থকা কাহিনীটো হঠাতে বৰ আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ হৈ পৰিল। মই মোৰ গোটেই জীৱন ধৰি তেওঁক এগৰাকী অমায়িক, মৰমীয়াল, দয়ালু মহিলা হিচাপেই দেখি আহিছোঁ, যিয়ে কেৱল ৰন্ধা-বঢ়া কৰে, কাপোৰ বোৱে, হাঁহিমুখেৰে সকলোৰে শুশ্ৰুষা কৰে। যিগৰাকী মানুহ সদায় ঘৰৰ চাৰিবেৰৰ ভিতৰতে থাকিল। প্ৰকৃতাৰ্থত এগৰাকী গৃহিণী হৈ থাকিল। কিন্তু এতিয়া হঠাতে মই গম পালোঁ যে আজিপৰা প্ৰায় চাৰে তিনি দশকৰো আগত তেওঁ নিজৰ মা আৰু ভণ্টীৰ সৈতে এটা কেনেধৰণৰ দুঃসাহসিক আৰু অবিশ্বাস্য যাত্ৰাত অংশ লৈছিল! মোৰ আৰু বেছি জানিবলৈ মন গ’ল।
“কায় নেই, জা হানুন সংগতিলা। ত্যাঞ্চি বাহিনাচ না তি, বাহিনি বাৰোবৰ জাতেচ তাৰ জা। ত্যা বায়কাঞ্চি চহল হৌতি, তে য়েউ চকত নাভতে। (নাই। স্বামীয়ে কৈছিল যোৱা বুলি। তেওঁৰ ভনীয়েকৰ লগতহে যাব ওলাইছিলো। যদি ভনীজনীৰ সৈতে যাব খুজিছা, যোৱা। আটাইগৰাকী মহিলা আছিল, সেয়ে তেওঁ লগত যাব নোৱাৰিলে। আৰু ময়ো বৰকৈ যাব মন গৈছিল। ভয় খাবলগীয়া একো কথাও নাছিল।) ফিৰায়লা জায়চাই মাগ ভিতি কাচলি ভাতনাৰ (ফুৰিবল যোৱাত কিহৰনো ভয়?)”
“তেতিয়া মোৰ বয়স ৫০ বছৰ আছিল। চালান আজি (তেওঁৰ ভনী) তেওঁতকৈ দুবছৰ সৰু আছিল। মাৰ বয়স চাগে প্ৰায় ৭২ বছৰমান আছিল। পহিলী লোকা কটক হোতী না ৰে। আতা আমহি কাচা কাটক নহী আহে য়েৱদা। আমচি আই কাটক হৌতি চেভাত পৰয়ান্ত চলত হৌতি চাংলি। (আগত দিনৰ মানুহবোৰ বৰ টান আৰু হৃষ্টপুষ্ট আছিল যে। এতিয়া মানুহবোৰ ঢিলা। মা বৰ টান মানুহ আছিল। জীৱনৰ একেবাৰে শেষ পৰ্য্যায়লৈকে তেওঁৰ খোজ থৰক-বৰক হোৱা নাছিল। আমি ১৫ দিনৰ বাবে বুকিং কৰা সেই বাছখনত আমাৰ দৰে ৪৫ গৰাকী মহিলা আছিল। মোৰ দুই পুত্ৰই মিলি ভ্ৰমণৰ খৰচ বাবে মোক ৪,০০০ টকা দিছিল। আমি কাশী, উজ্জয়িনী, মথুৰা আৰু তেনেকুৱা প্ৰায় ২৭ খন তীৰ্থস্থান দৰ্শন কৰিছিলোঁ...”
মই আইতাৰ আন এক ভ্ৰমণকাহিনী শুনিবলৈ মুখখন ভেলভেলকৈ মেলি চাই ৰৈ থাকিলো...


