‘‘আপোনাৰ নম্বৰটো আমি গান্ধীৰ ডায়েৰীত পালো৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন গাড়ীয়ে তেওঁক মহটিয়াই থৈ যোৱাত তেওঁৰ মৃত্যু হয়,’’ এখন ৰেচনৰ দোকানৰ মালিক তথা ৰাজনৈতিক কৰ্মী বি. কৃষ্ণইয়াই ৯ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত মোক ফোন কৰি এই কথা জনায়৷
২৪ নৱেম্বৰৰ দিনা মই অন্তিমবাৰৰ বাবে গংগাপ্পা বা গান্ধীক বেংগালুৰু-হায়দৰাবাদ ৰাষ্ট্ৰীয় ঘাইপথত খোজ কাঢ়ি থকা অৱস্থাত লগ পাইছিলো৷ পুৱা তেতিয়া প্ৰায় ১০.৩০ বাজিছিল৷ গান্ধীৰ ভেশত তেওঁ তেতিয়া অনন্তপুৰ চহৰলৈ ৰাওনা হৈছিল৷ অনন্তপুৰৰ পৰা প্ৰায় আঠ কিলোমিটাৰ নিলগত ৰাপটাডু গাঁৱৰ পথৰ দাঁতিৰ ধাবা এখন তেওঁ ৰাতিৰ আশ্ৰয় আছিল। ‘‘প্ৰায় দুমাহ পূৰ্বে কোনোবাই মোক বৃদ্ধ লোক এজনক থকা ঠাইৰ প্ৰয়োজন বুলি কৈছিল৷ সেয়ে মই তেওঁক তাতে থাকিবলৈ দিছিলো৷ মই তেওঁক মাজে-সময়ে খোৱাবস্তুৰো যোগান ধৰিছিলো’’, ধাবাখনৰ মালিক ভেংকটৰামি ৰেড্ডীয়ে এইদৰে কয়৷ মোক ফোন কৰা কৃষ্ণইয়াই প্ৰায়ে তাত চাহ খাইছিল আৰু গংগাপ্পাৰ সৈতে মাজে-সময়ে কথা পাতিছিল৷
মই ২০১৭ চনৰ মে’ত পাৰিত গংগাপ্পাৰ বিষয়ে লিখিছিলো৷ সেই সময়ত তেওঁৰ বয়স আছিল প্ৰায় চাৰিকুৰি তিনি বছৰ। ৭০ বছৰ বয়সত কৃষি শ্ৰমিকৰ কাম এৰি তেওঁ মহাত্মাৰ ভেশ ধৰি পশ্চিম অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ চহৰৰ ৰাজহুৱা স্থানসমূহত ঘূৰি ফুৰিছিল৷ কৃষি শ্ৰমিক হিচাপে অৰ্জন কৰা ধনতকৈ ভিক্ষাবৃত্তি কৰি তেওঁ অধিক উপাৰ্জন কৰিছিল৷
২০১৬ চনত খেতি পথাৰত কাম কৰি থকা অৱস্থাত এবাৰ মূৰ্ছা যোৱাৰ পিছত গংগাপ্পাই এই কাম এৰি দিয়ে৷ তাৰ পিছত তেওঁ ৰছী বনোৱাৰ কামত লাগে যদিও ভাতি বয়সৰ দেহাই সেই কামতো তেওঁক লগ নিদিলে৷ শেষত তেওঁ গান্ধীৰ ভেশ ধৰাৰ সংকল্প লয়৷
গান্ধীৰ ভেশ ধৰিবলৈ তেওঁ হাততে পোৱা সামগ্ৰী ব্যৱহাৰ কৰিছিল। মহাত্মাৰ দৰে উজলি উঠিবলৈ তেওঁ ১০ টকীয়া পণ্ডছ্ পাউডাৰ ব্যৱহাৰ কৰিছিল৷ বাটৰ কাষৰ চশমাৰ দোকানৰ পৰা এযোৰ সস্তীয়া চশমা ক্ৰয় কৰিছিল৷ মহাত্মাৰ লাখুটিডালৰ বাবে ১০ টকীয়া বেত এডাল সংগ্ৰহ কৰিছিল৷ মে’ক আপ আৰু কষ্টিউম ঠিকে আছে নে নাই চাবলৈ মটৰ চাইকেলত ব্যৱহৃত আইনা এখন তেওঁ ক’ৰবাৰ পৰা যোগাৰ কৰিছিল৷



