এই প্ৰতিবেদন পুলিৎজাৰ চেণ্টাৰৰ দ্বাৰা পৃষ্ঠপোষকতাত পাৰ্থ এম.এন.য়ে প্ৰস্তুত কৰিছে।
সম্পৰ্কীয় ভায়েকৰ পৰা পোৱা এটা য়ুটুব চেনেলৰ লিংক আৰু এমাহৰ দৰমহাতকৈ দুগুণ টকা পানীত পৰিছিল আমোল খান্দেকাৰৰ। আৰু এনে নহয় যে সেয়া কিবা অনলাইন ফ্ৰড আছিল।
কোনোমতে পেটে-ভাতে খাই থকা ৩৫ বছৰ বয়সীয়া শ্ৰমিকজনে লিংকটো খুলি চাই কাহিলীপুৱাতে বাছ ধৰিছিল। লগত আছিল তেওঁৰ ১১ বছৰীয়া সন্তান যাৰ মূৰৰ ভিতৰত এটা চিষ্ট আছিল। আঠুৰ বিষত খোজ কাঢ়িব নোৱাৰা হোৱা মাকো লগত গৈছিল। যাত্ৰা আছিল দীঘলীয়া – ন ঘণ্টাৰ। তাকো চৰকাৰী পুৰণিকলীয়া বাছত। মাকৰ আঠুৰ বিষ আৰু বাঢ়িছিল। কিন্তু আশা এটা আছিল। আমোলৰ সম্পৰ্কীয় ভায়েকজনে ন দি কৈছিল যে তেওঁলোকৰ সকলো স্বাস্থ্যজনিত সমস্যাৰ সমাধান সেই চেনেলটোতে আছিল।
চেনেলটোত কেবাটাও ভিডিঅ’ আছিল য’ত কপালত চন্দনৰ ৰেখা টানি লোৱা দাড়ি-মোচ থকা এজন ধৰ্মগুৰুৱে হাজাৰ হাজাৰ মন্ত্ৰমুগ্ধ দৰ্শকলৈ উদ্দেশ্যি ভাষণ দিছিল। ঘৰুৱা অশান্তিৰ পৰা আৰম্ভ কৰি সুৰাৰ আসক্তি, কৰ্মক্ষেত্ৰৰ সমস্যাৰ পৰা কৰ্কট ৰোগলৈকে, মানসিক স্বাস্থ্যৰ সমস্যাৰ পৰা প্ৰেম জীৱনলৈকে - ৰাজেন্দ্ৰ গড়গে ‘মহাৰাজ’ৰ ওচৰত সকলো সমস্যাৰে সমাধান আছিল।
তেওঁৰ চেনেলটোৰ মতে, গড়গেয়ে ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে পূজিত এগৰাকী পৌৰাণিক সন্যাসী দত্তৰ শৰণত ১২ বছৰীয়া এটা আধ্যাত্মিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। চেনেলটোৰ 'এবাউট' শিতানত লগতে উল্লেখ আছে যে, “নিজকে উৎসৰ্গিত কৰি আগবঢ়োৱা আধ্যাত্মিক সেৱাৰ বাবে দত্তগুৰুৱে গড়গে মহাৰাজক আশীৰ্বাদ দিছিল।” তেতিয়াৰ পৰাই “তেওঁ ঔষধ আৰু প্ৰাৰ্থনাৰ সহায়ত তেওঁৰ ওচৰলৈ অহা তীৰ্থযাত্ৰীসকলৰ সমস্যাসমূহ সমাধান কৰি আহিছে।”
‘দত্তধাম চৰকাৰ সংগমনেৰ’ নামৰ ইউটিউব চেনেলটোৰ ১,৮৩,০০০ চাবস্ক্ৰাইবাৰ আছে আৰু প্ৰতিটো ভিডিঅ’ৰ কমেণ্ট চেক্সনত থকা প্ৰশংসামূলক মন্তব্যবোৰ দেখি আমোলে ভাবিছিল: “কিবা এটা নিশ্চয়কৈ তেওঁ ভাল কৰি আছে।”










