কাঞ্চি ৰাম গুৰুগ্ৰামৰ বাঞ্জাৰা বজাৰত থকা নিজৰ দোকানখনৰ সমুখত থিয় হৈ আছে৷ তেওঁৰ পিছফালে বাঁহ আৰু তাৰপলিনৰ চালিখনৰ তলত বিক্ৰীৰ বাবে বিভিন্ন ধৰণৰ কাঠৰ আচবাব ঠাহ খাই আছে৷ ওচৰতে বহি আছে তেওঁৰ পত্নী আশা৷ আশাই এখন কাপোৰ তিয়াই নিজৰ মূৰত লৈছে৷ দিনটো আৰম্ভ হৈছেহে মাত্ৰ৷ দিল্লীত গৰমৰ দিনত ৰাতিপুৱাৰ সময়ছোৱাও বৰ অসহ্য হৈ পৰে৷ কিন্তু মূৰত থকা তিতা কাপোৰখনে কিছু সকাহ দিব বুলি আশাই কয়৷
কাঞ্চি ৰাম আৰু আশাৰ বাবে এই গৰম কোনো নতুন কথা নহয়৷ তেওঁলোক যিহেতু গাড়িয়াৰ কমাৰ (লোহাৰ) সম্প্ৰদায়ৰ লোক, গতিকে জুইৰ কাষত থকাটো তেওঁলোকৰ পুৰণি অভ্যাস৷ ‘‘আছলি গৰমি মে গৰম গৰম লোহে কো পিত্তে থে…. আঁচ কি সামনে বহত মেহনত কি হে (আমি এই প্ৰচণ্ড গৰমৰ মাজতে উত্তপ্ত লো কোবাইছিলোঁ... জুইৰ শিখাৰ সমুখত বহি বহুত কষ্ট কৰিছোঁ)’’, তেওঁলোকে এইদৰে কয়৷
গাড়িয়াৰ লোহাৰসকলৰ আদি বাসস্থান আছিল ৰাজস্থান, য’ত তেওঁলোকক ‘আটাইতকৈ পিছপৰা সম্প্ৰদায়’ (এমবিচি) হিচাপে গণ্য কৰা হয়৷ দিল্লী আৰু ইয়াৰ আশে-পাশে থকা যিবোৰ অঞ্চলত তেওঁলোকৰ জনসংখ্যা বেছি, তাত তেওঁলোকক ‘অন্যান্য পিছপৰা শ্ৰেণী’ হিচাপে (অ’বিচি) নথিভুক্ত কৰা হৈছে৷ মাটি-বাৰী নথকা আমাৰ দেশৰ ৯৮ শতাংশ যাযাবৰী আৰু অৰ্ধ-যাযাবৰী সম্প্ৰদায়ৰ ভিতৰত তেওঁলোকো অন্যতম৷ ভাৰতৰ যাযাবৰী সম্প্ৰদায়বোৰৰ মাত্ৰ এঘাৰ শতাংশ লোকেহে চৰকাৰী মাটিত বসবাস কৰে৷ বহুতো গাড়িয়া লোহাৰে নিজৰ গৰুৰ গাড়ীত (যাক তেওঁলোকে ‘গাড়ী’ বুলি কয়) বাস কৰে আৰু তাৰেই ভ্ৰমণ কৰে৷ এই গাড়ীখনেই তেওঁলোকৰ বাবে ঘৰ আৰু কৰ্মস্থান৷
হাড় কঁপোৱা ঠাণ্ডাই হওক বা চোকা ৰ’দেই হওক—কাঞ্চি ৰামে জীৱনৰ বহু বছৰ বাট-পথতে কটাই দিছিল, তেওঁ নিজ হাতেৰে লোৰ বিভিন্ন লাগতিয়াল বস্তু তৈয়াৰ কৰিছিল আৰু পৰিয়াল পোহপাল দিবলৈ সেইবোৰ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ঘূৰি বিক্ৰী কৰিছিল৷
কিন্তু ৰাজধানী চহৰ দিল্লী আৰু ইয়াৰ আশে-পাশে যোৱা দুটা দশকত বৃদ্ধি পোৱা উত্তাপে তেওঁলোকৰ শৰীৰ আৰু জীৱন স্তব্ধ কৰি পেলাইছে৷ সেইবাবে তেওঁ এতিয়া এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰাটো বন্ধ কৰি দিছে৷ “ইমান প্ৰখৰ গৰমত ঘৰে ঘৰে ঘূৰি ফুৰাটো অসম্ভৱ৷ সেইকাৰণেই আমি পুৰণি ব্যৱসায়টো এৰি এই কামটো আৰম্ভ কৰিলোঁ,” তেওঁ পাৰিক এইদৰে কয়৷












