“হমাৰে চুলহে তৌ ইন লাচৌ চে জলতে হ্যে” (এই শৱদাহৰ কাৰণেহে আমাৰ চৌকাত জ্বলিছে),” বাৰাণসীৰ ৰাজা হৰিশ্চন্দ্ৰ ঘাটত দিনটোৰ দ্বিতীয়টো মৃতদেহ সৎকাৰৰ বাবে চিতা সাজু কৰি থকাৰ সময়ত বিজয়ে এইদৰে কয়।
ধোঁৱা আৰু ছাইয়ে চকুই-নাকে ধৰিছে। কিন্তু হাতখনেৰে সেয়া আঁতৰাই তেওঁ আগবাঢ়িছে।
৩৫ বছৰীয়া বিজয় চৌধুৰী বাৰাণসীৰ ডোম সম্প্ৰদায়ৰ (অনুসূচিত জাতি হিচাপে তালিকাভুক্ত)। তেওঁ এই ব্যৱসায়ত তেওঁৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে। সমগ্ৰ ভাৰতৰ পৰা শোকসন্তপ্ত পৰিয়ালবোৰে দাহ আৰু শেষকৃত্যৰ বাবে চহৰখনলৈ লৈ অহা প্ৰিয়জনৰ শৱ তদাৰক কৰাই তেওঁলোকৰ কাম।
বিজয়ৰ ঘৰতো আন বহুতৰ দৰেই এলপিজি সংযোগ আছে ঠিকেই। কিন্তু যোৱা ২৫ দিন ধৰি গেছ নাই। “মই চিলিণ্ডাৰ বুক কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু ফোনটো বাজিহে থাকে, কোনেও নধৰে। হাজাৰ টকীয়া চিলিণ্ডাৰ (১৪.২ কিলোগ্ৰাম) এটাৰ বাবে আমি ২,০০০ টকা দিব নোৱাৰো। সেয়েহে আমি এটা আগৰ পদ্ধতিতে ভাত বনাইছো। সৎকাৰৰ বাবে ব্যৱহাৰ কৰা খৰিৰ টুকুৰা বা অৱশিষ্ট অংশৰে ৰন্ধা-বঢ়া কৰিছো। ভাত ৰান্ধিবলৈ আমি প্ৰতিদিনে অলপ খৰি ঘৰলৈ লৈ যাওঁ,” বিজয়ে এই প্ৰতিবেদকক কয়।















