“কোনেও তাইক চুব খোজা নাছিল। প্ৰত্যেকেই দূৰত্ব বজাই ৰাখিছিল। জব ডক্তৰ চাহাব আয়া তৌ ৱৌ ভী হাথ ম্যে দস্তানে পহন কে, মুহ ঢক কে চেক কৰ্ ৰহা হ্যে (ডাক্তৰেও আহি গ্ল’ভচ্ আৰু মাস্ক পিন্ধিহে পৰীক্ষা কৰিলে)।”
সুনীতা লগুৰিয়ে হস্পিতালবোৰ চিনি পায়। জীয়েকক কিমানবাৰ হস্পিতাললৈ নিবলগীয়া হৈছে, তাৰ তেওঁ আৰু হিচাপ ৰখা নাই।
তেওঁৰ সাত বছৰীয়া কন্যা ৰিয়াৰ গাত থেলাছেমিয়া (শৰীৰত তেজৰ বিকৃতিৰ ফলত হিমগ্ল'বিনৰ অস্বাভাৱিক ৰূপ হোৱা এবিধ বংশগত ৰোগ য’ত তেজৰ ৰক্তকণিকা ব্যাপক ৰূপত ধ্বংস হয় আৰু ৰোগীয়ে ৰক্তহীনতাত ভোগে) ধৰা পৰে যেতিয়া তাইৰ বয়স আছিল মুঠে পাঁচ মাহ। বংশগত এই ৰোগৰ যিটো প্ৰকাৰত ৰিয়া আক্ৰান্ত, তাত নিয়মীয়া আৰু আজীৱন ৰক্ত সঞ্চৰণ (ব্লাড ট্ৰান্সফিউজন)ৰ প্ৰয়োজন হয়। সেয়ে সুনীতাই মাহত দুবাৰকৈ তাইক হস্পিতাললৈ আনে আৰু হস্পিতালৰ কৰ্মচাৰীবোৰক তেওঁ চিনি পোৱা হৈছে।
কিন্তু ২০২৫ৰ ছেপ্টেম্বৰত ডাক্তৰৰ তাত অহাৰ দিনটো তেওঁ জীৱনত কেতিয়াও পাহৰিব নোৱাৰে।
তেওঁ ৰাজ্যখনৰ স্বামী বিবেকানন্দ নিশক্ত স্বাৱলম্বন প্ৰোৎসাহন যোজনাৰ অধীনত মাহে পাবলগীয়া ১,০০০ টকাৰ বাবে আবেদন দাখিলৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল। আবেদন দাখিলৰ বাবে তেওঁক কেইটামান অতিৰিক্ত পৰীক্ষা কৰিবলৈ কোৱা হৈছিল।
সুনীতাই পৰীক্ষাবোৰৰ ফলাফলৰ অপেক্ষাত আছিল যেতিয়া এটা মাত্ৰ পৰীক্ষাই তেওঁলোকৰ জীৱনটো ওলট-পালট কৰি পেলালে। তেওঁৰ সন্তানটি এইচ.আই.ভি. পজিটিভ। তেওঁ মানৱ প্ৰতিৰোধহীনতাৰ ভাইৰাছ (হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ চমুকৈ এইচ.আই.ভি.)ৰ দ্বাৰা সংক্ৰমিত হৈছে। চিকিৎসা নকৰালে এইচ.আই.ভি.ৰ ফলত মাৰাত্মক এইডচ্ (আহৰিত প্ৰতিৰোধহীনতা চিণ্ড্ৰম) সৃষ্টি কৰিব পাৰে।
“আমি কেতিয়াও সেই নামেই শুনা নাছিলো। ৰোগবিধ হয়নো কি সেয়াও জনা নাছিলো,” ৰিয়াৰ সৈতে এটা কোঠাৰ তেওঁলোকৰ কেঁচা ঘৰটোৰ বাহিৰত বহি থকা সুনীতাই কয়। তেওঁ সেই প্ৰচণ্ড মানসিক আঘাতৰ পৰা মুক্ত হ’ব পৰা নাই। তেওঁৰ গিৰীয়েক বিজয়ে প্ৰায়ে কামৰ বাবে প্ৰব্ৰজন কৰে আৰু এইবাৰ ঘৰটো ভালকৈ বনাব বুলি আশা কৰিয়ে ওলাই গৈছিল। পাঁচজনীয়া পৰিয়ালটো হো’ সম্প্ৰদায়ৰ। ঝাৰখণ্ডত অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ।















