প্ৰভু জগন্নাথ দেৱতাৰ ৰথযাত্ৰা উৎসৱৰ সমাপন পৰ্ব উদযাপন কৰিবলৈ ওড়িশাৰ ক’ৰাপুট জিলাৰ কন্ধ আদিবাসী সম্প্ৰদায়ৰ লোকসকল নাৰায়ণপাটনা চহৰলৈ নামি আহিছে। উৎসৱৰ এই অন্তিম দিনটোক কোৱা হয় বাহুদা যাত্ৰা। সিদিনা প্ৰভু জগন্নাথৰ ৰথ মন্দিৰলৈ ঘূৰি অহাৰ দিন। ১৪-১৬ বছৰ বয়সীয়া তিনি বন্ধুৱে উৎসৱস্থলীত ঘূৰি ফুৰিছে।
আলোকচিত্ৰ: পি. সাইনাথ, ২ জুলাই, ২০০৯, নিকন ডি 300


