আৰ নল্লকন্নু ১৮২৫-২০২৬
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জীৱিত কেইগৰাকীমান মুক্তিযুঁজাৰুৰ মাজৰ এগৰাকী আৰ নল্লকন্নুৰ ২৫ ফেব্ৰুৱাৰীৰ দিনা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০১ বছৰ। তামিলনাডুত নিশ্চয়কৈ তেঁৱেই আছিল তেনে শেষজন মুক্তিযুঁজাৰু। ঔপনিৱেশিকতাবাদ বিৰোধী যুঁজখনত তেওঁ আছিল ক্ৰমশঃ শেষ হৈ অহা সেই এটা প্ৰজন্মৰ প্ৰতিনিধি যাৰ কথা মই মোৰ গ্ৰন্থ দা লাষ্ট হিৰ’জ: ফুট চ’লজাৰ্চ অৱ ইণ্ডিয়ান ফ্ৰীডম গ্ৰন্থত লিখিছো।
২০২২ৰ স্বাধীনতা দিৱসৰ দিনা তামিল নাডু চৰকাৰে তেওঁক তগইছল তামিলড় বঁটা প্ৰদান কৰিছিল। এই বঁটা ৰাজ্যখনৰ সৰ্বোচ্চ সন্মানীয় বঁটা। বঁটা তেওঁ গ্ৰহণ কৰিলে, কিন্তু লগত দিয়া ১০ লাখ টকা তেওঁ প্ৰধানমন্ত্ৰী সাহায্য পুঁজিত দান কৰিলে। তাৰ লগত যোগ দিলে নিজৰ ৫,০০০ টকা। তেওঁ ৰাজ্যখনৰ কৃষক আন্দোলনৰ গুৰিও ধৰিছিল। তেওঁৰ মৃত্যুৰ লগে লগে তামিলনাডুত এটা যুগৰ অন্ত পৰিল।
পঢ়ক - শোষিত-নিষ্পেষিতৰ বহু সংগ্ৰামৰ আমি পাহৰা নায়ক আৰ. নল্লকন্নু













