“যুদ্ধইও আমাৰ সিমান ক্ষতি নকৰে, যিমান বানে কৰে,” জছবীৰ সিঙে কয়। ৭৩ বছৰীয়া খেতিয়কজনে ভাৰত-পাক সীমান্তৰ কাঁটাতাঁৰৰ বেৰৰ কাষতে থকা তেওঁৰ জলমগ্ন খেতিপথাৰখনৰ পৰা উভতি অহাৰ পিছত এই প্ৰতিবেদকক কয়।
“আপুনি য’লৈকে চায়, কেৱল পানী দেখিব। দৰিয়া নে কবজা কৰ লেয়া হ্যে (নৈখনে সকলো অধিকাৰ কৰিছে) কমেও ১৫ৰ পৰা ২০ ফুট পানী,” শতদ্ৰু নদীৰ প্ৰসংগত ২০২৫ৰ ছেপ্টেম্বৰত জছবীৰে পাৰিক কৈছিল।
১৯৯০ৰ আশে-পাশে সজা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ খুঁটা আৰু ফেঞ্চিংবোৰৰ কাষতে থকা বল্লে শ্বাহ হিথাৰ গাঁৱৰ চল্লিশ একৰ খেতিমাটি আছে। তাত খেতি কৰিবলৈ কৃষকে বিএছএফ-ৰ অনুমতি ল’ব লাগে। জছবীৰৰ পৰিয়ালটোৰ ১৯ একৰ খেতিমাটি আছে যিখিনি তেওঁলোকে ১৯৮০ত কিনিছিল যেতিয়া সীমান্তৰ মাটি তেওঁলোকৰ গাঁৱৰ মাটিতকৈ বহুত সস্তা আছিল। তেওঁলোকৰ নিজ গাঁও থেহ কলন্দৰৰ পৰা তালৈক আধা ঘণ্টাৰ বাট।
২০২৫ত যেতিয়া পাঞ্জাৱত বানপানী হয়, জছবীৰৰ ১৫ একৰ খেতিমাটি পানীত বুৰ যায়। পকি থকা ধান নষ্ট হৈ যায়। পাৰিৰ সৈতে ২০২৬ৰ জানুৱাৰীত কথা পাতোতে তেওঁ কয়, “মাটিখিনিত জীপ বেছি থকা কাৰণে গমধানৰ বীজ ছটিয়াব পৰা নগ’ল। সাত-আঠ একৰ খেতিমাটিৰ পৰা পানী সিচি উলিওৱা হৈছে, কিন্তু খেতিৰ বাবে সাজু হ’বলৈ চাগে মই আৰু ছমাহ বা এবছৰ অপেক্ষা কৰিব লাগিব।” দুটা ঋতুচক্ৰত ইতিমধ্যে খেতি নকৰাকৈ পাৰ হ’লেই।
পাঞ্জাৱত সেইবাৰ বানপানীত অতিকমেও ৪০ গৰাকী লোকৰ মৃত্যু ঘটিছিল আৰু ৭,১৬১ পশুধন পানীত উটি গৈছিল। ১৪ হাজাৰৰো অধিক ঘৰ আৰু ২ লাখ হেক্টৰ খেতিমাটি ক্ষতিগ্ৰস্ত হৈছিল। “জাদৌ পাকানন তে আয়ে, আদৌ হঢ় ৰুল কে লে গেয়া (ধান চপাবৰ হোৱাৰ সময়তে বানৰ পানীয়ে সকলো লৈ গ’ল,” ফজিলকা জিলাৰ বল্লে শ্বাহ হিথাৰ গাঁৱৰ আন এগৰাকী খেতিয়ক অশোক সিঙে কয়।
“টোপনি নহা হৈছে। এবাৰ যদি ৰাতি টোপনি ভাঙিল, তাৰ পিছত আৰু চিন্তাতে গোটেই ৰাতি চকু জাপ নাখায,” দুকুৰি বয়সৰ খেতিয়কজনে পাৰিক কয়। ফেঞ্চিঙৰ কাষত তেওঁলোকৰ ১০ একৰ খেতিমাটি আছে, তাত তেওঁলোকে ধানখেতি কৰে। সেই যিখন পথাৰৰ খেতিমাটিৰ ওপৰতে তেওঁলোকৰ দহজনীয়া পৰিয়ালটো নিৰ্ভৰ কৰে, গোটেইখন পানীত বুৰ গৈ আছিল।
















