“এহ্” এই বুলি কৈ ঘূৰণীয়াকৈ বহি থকা পাঁচোগৰাকী মহিলাৰ সন্মিলিত হতাশা আৰু আক্ষেপৰ চিৎকাৰ ভাঁহি পৰিল। তাৰ পিছে পিছে আকৌ খিলখিল হাঁহিৰে ঠাইখন ভৰি পৰিল। আমি দুয়োৱে আকৌ এবাৰ চাগে নিজকে তেওঁলোকৰ আগত বুৰ্বক বুলি প্ৰমাণ কৰিলোঁ। হাই-উৰুমি নথকা গলিটোত বৃত্তাকাৰে বহি থকা মহিলাকেইগৰাকীৰ হাঁহিয়ে প্ৰমাণ কৰিছে যে তেঁতেলীৰ ফলা গুটিচাৰিটা ছটিয়াই দিওতে আমি একেবাৰে লুডুৰ গুটি দলিওৱাদি দলিয়াব নালাগিছিল। আলমানাই তেনেতে হস্তক্ষেপ কৰি দেখুৱাই দিলে গুটিকেইটা কেনেকৈ কি কৌশলত দলিয়াব লাগে। আমাক আকৌ ভালকৈ চাই থাকিবলৈকো তেওঁ নিৰ্দেশ দিলে। গুটিকেইটা গোটাই লৈ হাতৰ সৰুগাঁঠিটো লাহেকৈ ভাঁজ কৰি গুটিকেইটা তেওঁ এৰিলে। ঠিক ঠিক লেগ স্পীন বলাৰ এজনে দিয়া গুগলি বল।
এইবাৰ গুটিকেইটা আশা কৰা ধৰণে ভিন্নভাৱে পৰিল। তাৰে দুটামানে বগাৰঙৰ ফালটো ওপৰমুৱাকৈ কৰি পৰিল। কেইটা গুটি তেনেকৈ বগা ফালটোৰ ওপৰমুৱা হৈ পৰিল, সেই হিচাপত আলমানাই তেওঁৰ গুটি, গুটি মানে সেউজীয়া ৰঙৰ ভগা খাৰুৰ টুকুৰাটো আগবঢ়াই দিব। “এক গিৰতা হ্যে তৌহ এক, দৌ গিৰতা হ্যে তৌ দৌ, তীন গিৰতা হ্যে তৌহ তীন, চাৰ গিৰতা হ্যে তৌহ চাৰ (এটা পৰিলে যে এক ঘাই, দুটা যদি দুই ঘাই, তেনেকৈ),” তেওঁ বুজাই কয়। কন্নড় ভাষা নজনা এই নতুন দুই উদ্যমী খেলুৱৈক ভালদৰে বুজাবলৈ তেওঁ ভগা ভগা হিন্দীৰ আশ্ৰয় লৈছে। হাতেৰে অঁকা জালীখনত তেওঁ আমাৰ ভাগৰ টুকুৰাটো সেইমতে আগবঢ়াই দিছে আৰু আকৌ বিশেষ কৌশলত গুটি পেলাইছে। এইবাৰ তেওঁৰ পাল পৰিছে।





