এই প্ৰতিবেদন পুলিত্জাৰ চেণ্টাৰৰ পৃষ্ঠপোষকতাত পাৰ্থ এম. এন.য়ে প্ৰস্তুত কৰা ধাৰাবাহিক প্ৰতিবেদনৰ এক অংশ
বাৰিষাৰ আগতে কৰা এক প্ৰতিশ্ৰুতিয়ে এতিয়া ৫৩ বৰ্ষীয় দেউৰাও নাগৰেক বাৰুকৈয়ে চিন্তাত পেলাইছে।
ছেপ্টেম্বৰ মাহটোত ধাৰাসাৰ বৰষুণ হৈছিল, পথাৰ পানীৰে উপচি পৰিছিল। তেনে এক পৰিস্থিতিত তেওঁ গোটেই মাহটো একাঠু পানীত নামি নিজৰ খেতিখিনি বচাবলৈ যত্পৰোনাস্তি চেষ্টা কৰিছিল। তেওঁৰ আঠ একৰ মাটি চাকলাম্বা গাঁৱৰ পাহাৰৰ এঢলীয়া ঠাইত আছে। ধাৰাসাৰ বৰষুণ দিলে পথাৰখনত পানীৰ ধাৰাল সোঁত বয়।
“বৰষুণৰ পানী মোৰ পথাৰখনৰ মাজেৰেই পাৰ হৈ গৈছিল। প্ৰতিদিনে মই পানী ওলাই যোৱাৰ বাবে বাট কাটিছিলো,” তেওঁ বুজাই কয়।
কিন্তু তেওঁৰ সেই কঠোৰ শ্ৰম অথলে গ’ল। তেওঁৰ কপাহ, বুটমাহ আৰু কুঁহিয়াৰৰ খেতি নষ্ট হৈ গ’ল। মুঠ লোকচান হ’ল তিনি লাখৰো অধিক। মূষলধাৰ বৰষুণৰ পানীৰ ধাৰাল সোঁতে তেওঁৰ খেতিমাটিৰ উপৰিভাগৰ তৰপটোও খহাই নিলে। তেওঁৰ জীৱন-জীৱিকা বিপন্ন হৈ পৰিল।
কিন্তু খেতিত হোৱা লোকচান কেনেকৈ পুনৰুদ্ধাৰ কৰিব, তাতকৈ বেছি তেওঁৰ চিন্তা হৈছিল মহাৰাষ্ট্ৰৰ অন্যতম তীৰ্থস্থলী হিচাপে জনাজাত মন্দিৰ এটাত প্ৰতিশ্ৰুতি দি থোৱা ১.৭ লাখ টকা এতিয়া কেনেকৈ যোগাৰ কৰা যায়।















