নিজক লৈ এনেদৰে ধেমালি কৰাতো দূৰৰ কথা, তেওঁৰ পৰিস্থিতিত পৰিলে হয়তো বেছিভাগ মানুহেই জীয়াই থকাৰ হেঁপাহকণেই হেৰুৱাই পেলালেহেঁতেন। কিন্তু ৪৭ বছৰীয়া চিণ্ডেয়ে বিষণ্ণ হ’লেও ধেমেলীয়া ৰসবোধ এটা আজিও জীয়াই ৰাখিছে।
মহাৰাষ্ট্ৰৰ য়াভাতমল জিলাৰ উমৰি গাঁৱত ১৬ একৰ খেতিমাটিৰ মালিক এইজন কৃষকে কৈশোৰ বয়সৰে পৰা নিষ্ঠাৰে খেতি কৰি আহিছে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ খেতি-বাতিৰ লগত জড়িত হোৱাৰ সময়তে ধীৰে ধীৰে গা কৰি উঠিছিল মহাৰাষ্ট্ৰৰ কৃষি-সংকট। এই দীঘলীয়া সংকট কেইবাটাও দশক পাৰ হৈ যোৱাৰ পিছতো আজিও শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।
খেতিৰ আয়েৰে তেওঁৰ দেউতাকে সংসাৰ চলাইছিল। কিন্তু চিণ্ডেয়ে বিয়া-বাৰু কৰাই সন্তানৰ পিতৃ হোৱালৈকে পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ পৰিল। ক্ৰমান্বয়ে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, শস্যৰ নিম্নগামী মূল্য আৰু জলবায়ু পৰিৱৰ্তনজনিত প্ৰাকৃতিক দুৰ্যোগ যেনে দীৰ্ঘম্যাদী খৰাং পৰিস্থিতিৰ বাবে কৃষিঋণৰ পৰিমাণ পাহাৰৰ দৰে বৃদ্ধি পালে।
মহাৰাষ্ট্ৰত পৰিয়ালভিত্তিক কৃষি আয় এই মুহূৰ্তত তেনেই নগণ্য - মাহে মাত্ৰ ১১,৪৯২ টকা। এই সংকটৰ প্ৰতিফলন ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ পৰিসংখ্যাত স্পষ্ট - ২০২৪ চনত ভাৰতত নথিভুক্ত কৃষক আত্মহত্যাৰ সংখ্যা আছিল ১০,৫৪৬। অৰ্থাৎ প্ৰতিদিনে ২৯ জনকৈ কৃষক আত্মঘাতী হৈছে। এই পৰিসংখ্যা প্ৰকৃত সংখ্যাতকৈ বহু কম, কিয়নো ফিল্ডলৈ গৈ তথ্য সংগ্ৰহ কৰাৰ সময়ত প্ৰায়েই মহিলা, দলিত আৰু আদিবাসীসকল বাদ পৰি যায়। কাগজে-কলমে তেওঁলোকৰ বেছিভাগেই নিজৰ নামত মাটি থকা পৰিয়াল নহয়, গতিকে প্ৰায়েই তেওঁলোকৰ মৃত্যুক "কৃষক" আত্মহত্যা বুলি গণ্যই কৰা নহয়।
এই তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ, য’ত ৩,৮২৪ টা আত্মহত্যাৰ ঘটনা ঘটিছে - যি সমগ্ৰ দেশৰ মুঠ সংখ্যাৰ ৩৬ শতাংশ। মহাৰাষ্ট্ৰৰ কৃষক আত্মহত্যাৰ অধিকাংশ ঘটনাই বিদৰ্ভ অঞ্চলৰ। কৃষি-সংকটৰ সৈতে যুঁজি থকা চিণ্ডেৰ গাঁওখনো সেই অঞ্চলৰে অন্তৰ্গত।
কিন্তু জীৱনটো যে ইয়াতকৈও অধিক দুৰ্বিষহ হৈ পৰিব, সেয়া তেওঁ কেতিয়াও ভাবিব পৰা নাছিল।














