হাড়ে-মাংসই আটিল এক শৰীৰ, ক’তো অতিৰিক্ত এচিকটা নৰম মাংস নাই। তিনিকুৰি বছৰ বয়স গৰকা লোকজনে ওড়িশাৰ ৰায়গড়াৰ পথাৰ এখনত মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰিছে। মজুৰি তেনেই সামান্য। দৃশ্য ২০০১ৰ। ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতি যোজনা তেতিয়ালৈ অহা নাই। তেওঁৰ শৰীৰৰ ভংগী আৰু ছন্দ চকুত লগা। আন শ্ৰমিকৰ সৈতে তেওঁ ‘কামৰ বিনিময়ত খাদ্য’ৰ ছাইট এটাত বৃক্ষৰোপনৰ বাবে গাত খান্দি আছিল, ঠিক সেই সময়তে আমাৰ সাংবাদিকৰ দলটো সেইফালেৰে পাৰ হৈছিল।
অনুবাদ: ওৱাহেদৰ ৰহমান


