মছজিদৰ কাষৰ এটা কোঠালীৰ তেওঁৰ ঘৰটোৰ শেলুৱৈ ধৰা বেৰত যেতিয়া কুঁহিপাত ওলোৱা দেখিছিল, আমিনাৰ মুখত হাঁহি এটা বিৰিঙিছিল। তেওঁ সেই কোমল পাতটি চিঙি পেলাব পৰা নাছিল। কিছুদিন ধৰি তেওঁ বাহিৰলৈ যাব এৰিছে। প্ৰায়ে সেই এটা কোঠালীৰ ঘৰটোত অকলে থাকিবলৈ লৈছে। বৰ বেয়া ঘটনা এটাৰ ফলত তেওঁৰ গৰ্ভপাত হৈছিল, যিটো ঘটনাই তেওঁৰ অন্তৰখন জোকাৰি গৈছিল। এতিয়া সংশয়ৰ আন্ধাৰত দিন কটোৱা আমিনাই ক’লৈকো যাব নোৱাৰে। সেই অকণমানি পাতল সেউজীয়া ৰঙৰ হৃদয় আকৃতিৰ পাতটিয়েই আছিল তেওঁৰ কাষত থকা একমাত্ৰ কোমল বস্তু।
সেই পাতটি ওলাইছিল কিবলাহৰ দিশত – সেয়া কেৱল এক কাক-তালীয় সংযোগ আছিল নে সিটোৱে কিহবাৰ ইংগিত দিছিল? তেওঁ চিন্তা কৰি উলিয়াব পৰা নাছিল।
মাহটোৰ ভিতৰতে তেওঁ দেখিলে যে বেৰত থকা ফাঁটটো বহল হৈছে আৰু চাৰিওফালে বিয়পি গৈছে – ঠানিবোৰ প্ৰায় এফুট দীঘল হৈছে। ঠুনুকা ঠানিবোৰত পাত ধৰিছে। তেতিয়াও তেওঁৰ মনলৈ একো চিন্তা অহা নাছিল। মনৰ শান্তিত তেওঁ আছিল। সংঘৰ্ষ শাম কাটিছিল। বাট-পথলৈ পুৰণি ছন্দ উভতি আহিছিল। তেওঁ ঘৰৰ পৰাই এম্ব্ৰ’ইডেৰি কাম আৰম্ভ কৰিছিল। কাম কৰি থকাৰ মাজতে তেওঁ নিজৰ লগতে প্ৰায়ে কথা পাতিছিল। যেন কোনোবাই তেওঁৰ কথা শুনিবলৈ লৈছিল – তেওঁৰ দুখ আৰু মনৰ আঘাতবোৰ কোনোবাই বুজিছিল।
তেওঁ ভুকে পোৱা নাছিল যে দেৱালখনৰ সিপাৰে আহঁত গছ এজোপা ডাঙৰ হ’ব ধৰিছে। মানুহৰ সৈতে তেওঁৰ সংস্পৰ্শ নাইকিয়া হৈ আহিছিল। সেয়ে তেওঁ আনে কি কৰি আছিল, সেয়া জনা নাছিল। জনা নাছিল যে কোনোবাই সেই গছডালৰ তলত শিল আনি জমা কৰিছিল। কিবা এটা হেনো চমৎকাৰ হৈছিল। মানুহে ইজনে সিজনৰ মন্তব্য গ্ৰহণ কৰিছিল, বৰঙনি তুলিছিল। ইফালে তেওঁৰ এনে অনুভৱ হৈছিল যেন আঁহতজোপাই তেওঁক নোকোৱাকৈ মনে মনে ষড়যন্ত্ৰ কৰি পেলালে। গছডাল উভালি পেলোৱাৰ কোনো কথাই নাছিল। গছডালক লৈ কাহিনী বিয়পিল। এনেকৈনো ভগৱান বিষ্ণুতকৈও উৰ্ধত শিপা গজিব পাৰেনে – সেয়া কি ব্ৰহ্মা নেকি? জাননীখন পঢ়িবলৈ চেষ্টা কৰি থকাৰ মাজতে তেওঁৰ মনলৈ কথাবোৰ আহি থাকিল...


