তাইক মই প্ৰথম ক’ত দেখিছিলো বাৰু? ক’লা গোট গোট আখৰৰ কিতাপত, টিভিত চোৱা এখন তথ্যচিত্ৰত, অন্যায়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা প্ৰতিবাদী জনতাৰ কণ্ঠত? তাই হয়তো এটা কবিতা আছিল। গাৰ নোম শিহৰাই তোলা এটা প্ৰতিবাদী শ্লোগান আছিল।
তাইক প্ৰথমবাৰ কেতিয়া দেখিছিলো, সঁচায়ে মোৰ মনত পৰা নাই।
বহুতৰে চকুত জিলিকি উঠা মই তাইক দেখিছো। কিমানটা যে নাম শুনি মোৰ লাগিছে যে সেয়া তাইৰেই নাম। কেতিয়াবা তাই দিন্দিগুলৰ এগৰাকী দৰ্জী, যিয়ে নিজৰ কৰ্মস্থানৰ নীৰৱতা ভেদি ভগ্ন-জৰ্জৰ অৱস্থাৰ পৰা এটা শ্ৰমিক সংগঠন গঢ়ি তুলিছে। আন কেতিয়াবা আকৌ তাই হুবলিৰ পৰা বেংগালুৰুলৈ ভাড়াত লোৱা ট্ৰেক্টৰ চলাই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সমদলত যোগ দিয়া এগৰাকী খেতিয়ক। কেতিয়াবা আকৌ তাই দক্ষিণ কেৰালাৰ এগৰাকী বৃদ্ধা কমৰেড, ঘৰে ঘৰে গৈ যিয়ে যি পাৰে সংগ্ৰহ কৰি আনে আৰু কাকো ভোকত ৰাখিব নোখোজে। একেই সাহস আৰু জেদ লৈ ভিন ভিন ৰূপত তাই বাৰে বাৰে হাজিৰ হৈছে সময়ত। বহুৰূপী তাই।
সেয়া চোৱা! তাইক মই আকৌ দেখিছো। বেৰিকেড ভাঙি প্ৰতিবাদী ধুমুহা হ’ব খোজা সেই কম বয়সীয়াজনীৰ গাত। পৰি যাব খোজা প্ৰতিবাদকাৰীক হাতত ধৰি থিয় কৰোৱা সেইজনী তায়েই। হাৰ মানিব নোখোজা তাই এক অদম্য আশা।
এইখনেই তাইৰেই দেশ। আজাদ দেশ।


