‘‘বুটলি অনা খৰিৰ টুকুৰাবোৰ এতিয়া আৰু কোনেও বিক্ৰী নকৰে,’’ ৰুবিনা বিবিয়ে এইদৰে কয়৷ ‘‘নিজৰ চুলহা (মাটিৰ চৌকা) জ্বলাবলৈকে তেওঁলোকে সেইবোৰ ৰাখি থয়’’, নিজৰ জুগ্গী (জুপুৰীঘৰ)টোৰ বাহিৰত বহি তেওঁ এখন কাঠৰ তক্তা ভাঙি আছিল। সেইখন আচলতে এখন দুৱাৰৰ ভগ্নাংশ আছিল।
‘‘য়ে দো লগ জায়েংগে (পাঁচজনীয়া পৰিয়ালটোৱে এসাজ খাবলৈ এনে দুখন তক্তা লাগিব),”ৰুবিনাই এইদৰে কয়৷ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ইৰাণৰ সৈতে আমেৰিকা-ইজৰাইলৰ যুদ্ধ আৰম্ভ কৰাৰ পিছৰে পৰা ৰন্ধন গেছৰ দাম আকাশলংঘী হৈ পৰিছে৷ এতিয়া মাত্ৰ দুই কিলোগ্ৰামৰ এটা চিলিণ্ডাৰৰ দাম ৪০০ৰ পৰা ৫০০ টকা হৈছেগৈ৷ এই মূল্য যুদ্ধৰ পূৰ্বে চোৰাং বজাৰত তেওঁলোকে দিয়া দামতকৈ দুগুণতকৈও অধিক৷
আৱৰ্জনা গোটোৱা এই পৰিয়ালটোৰ বাবে এতিয়া খৰিৰ টুকুৰাকেইটাই হৈ পৰিছে ৰন্ধা-বঢ়াৰ একমাত্ৰ ভৰসা৷ এসপ্তাহত তেওঁলোকে কেনেবাকৈ পাঁচ কিলোগ্ৰামমান খৰি বুটলিবলৈ সক্ষম হয়, ‘‘নহ’লে আমি প্ৰতি কেজিত পাঁচ টকাকৈ দি খৰি কিনি আনো,’’ ৰুবিনাই কয়৷
তেওঁ উত্তৰ-পশ্চিম দিল্লীৰ ভালছৱাত আৱৰ্জনা গোটোৱা লোকসকলৰ এটা বস্তিত বাস কৰে৷ এই বস্তিৰ প্ৰায় আটাইবোৰ মানুহেই পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ পৰা অহা প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ প্ৰব্ৰজনকাৰী৷ তেওঁলোক থাকে তিনি-চাৰি মহলাৰ ঘৰৰ দৰে উচ্চতাৰ জাবৰৰ দমৰ কাষত। পৰিয়ালৰ পুৰুষসকলে ৰাস্তা-ঘাট, আৱাসিক এলেকা আৰু পৌৰ নিগমৰ আৱৰ্জনা পেলোৱা ঠাইৰ পৰা জাবৰ বুটলি আনে৷ আনহাতে মহিলাসকলে প্লাষ্টিকৰ বটল, পেকেট, ৰবৰ, কাঁচ, থাৰ্মকল আদি বাছি পৃথক কৰে৷ সেইবোৰ পিছত পেলনীয়া বস্তু কিনা-বেচা কৰা ব্যৱসায়ীক বিক্ৰী কৰা হয়৷














