এমাহৰ ভিতৰতে আৰক্ষীয়ে তিনিবাৰকৈ পুথিভঁৰালটো উঠাই দিয়াৰ চেষ্টা কৰিলে যদিও প্ৰতিবাৰেই প্ৰতিৰোধ আগতকৈ দুগুণ হ’ল।
২০২৬ চনৰ ২০ জুনত, এটা মীম পে’জৰ পৰা যুৱ-আন্দোলনলৈ ৰূপান্তৰিত হোৱা ককৰোচ্চ জনতা পাৰ্টিয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অনিয়মৰ বিৰুদ্ধে সোচ্চাৰ হৈ দিল্লীৰ যন্তৰ মন্তৰত এক অৱস্থান ধৰ্মঘটৰ আহ্বান জনায়, য’ত তেওঁলোকে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী তোলে৷ এই প্ৰতিবাদস্থলীতেই অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনে চমুকৈ এআইএছএফ এটা পুথিভঁৰাল স্থাপন কৰাৰ সিদ্ধান্ত লয়, যাৰ উদ্দেশ্য আছিল অত্যন্ত স্পষ্ট।
এআইএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিৰাজ দেৱাংগই কয়, ‘‘আগন্তুক কেইটামান দিনৰ বাবে যন্তৰ মন্তৰেই প্ৰতিবাদকাৰীসকলৰ বাবে নিগাজী ঠাই হৈ পৰিছিল৷ গোটেই দিনটো চিঞৰি চিঞৰি শ্ল’গান দিয়া হয়, বক্তৃতা শুনা হয়। কিন্তু ইয়াৰ মাজতো এক আচুতীয়া সময় নিজৰ হাতত ৰৈ যায়৷ এনে পৰিস্থিতিত সেই সময়খিনিত কিতাপতকৈ উত্তম সংগী আন একো হ’ব নোৱাৰে৷ প্ৰতিবাদী ছাত্ৰসকলে যাতে সাহিত্যৰ মাজেৰে নিজৰ সামাজিক-ৰাজনৈতিক চেতনাক আৰু অধিক শাণিত কৰি তুলিব পাৰে, সেয়াই আছিল আমাৰ মূল লক্ষ্য৷’’
প্ৰতিবাদী ছাত্ৰসকলে এখন কাঠৰ মেজ আনি তাৰ ওপৰত ৰঙা কাপোৰ এখন আঁৰি দিছিল, য’ত লিখা আছিল: ‘প্ৰধানে পদত্যাগ কৰিবই লাগিব’৷ প্ৰথমটো দিনত “আমাৰ ওচৰত শিৱাজী মহাৰাজ, ভগৎ সিং আৰু বাবাচাহেব আম্বেদকাৰ সম্পৰ্কীয় কিতাপ আছিল,” প্ৰতিদিনে পুথিভঁৰালটো পৰিচালনা কৰা ২০ বছৰীয়া প্ৰতিবাদী ছাত্ৰ মোহিতে কয়, “বিপ্লৱী সাহিত্য অবিহনে কৰা প্ৰতিবাদ হৈছে আদৰ্শহীন নেতাৰ দৰে৷ সাহিত্যই প্ৰতিবাদকাৰীক কেনেকৈ প্ৰতিৰোধ কৰিব লাগে আৰু বিদ্ৰোহৰ শিখা প্ৰজ্বলিত কৰি ৰাখিব লাগে, তাৰেই পথ প্ৰদৰ্শন কৰে৷”









