পেৰমুদে গাঁৱৰ বৰচোতাল এখনত গঞা গোট খাইছে। তেওঁলোকে নৰ্তক এগৰাকীক কৰাদাব্বু দৈৱলৈ ৰূপান্তৰ হোৱাৰ দৃশ্যৰ সাক্ষী হ’বলৈ আহিছে। সেই দৃশ্য, নৰ্তকে পৰিধান কৰা বস্ত্ৰ, আ-অলংকাৰ আৰু মুখমণ্ডলত সনা উজ্জ্বল হালধীয়া ৰঙৰ প্ৰসাধন – সঁচাকৈয়ে চাবলগীয়া আছিল।
গৃহস্থই যেতিয়া ৰীতিগতভাৱে স্নানৰ বাবে দৈৱলৈ তেল-পানী যাঁচিলে, তাৰ পৰা পৰ্ব আগবাঢ়িল। দৈৱজনে প্ৰসাধন সানি থকাৰ সময়ত তেওঁৰ পৰিয়ালৰ এজনে পদ্দনা পাঠ কৰিবলৈ ধৰিলে। পদ্দনা মানে দৈৱৰ উৎপত্তি আৰু তেৰাৰ পৰাক্ৰমক কেন্দ্ৰ কৰি গঢ়ি উঠা মৌখিক মহাকাব্য। স্থানীয় সাংস্কৃতিক নায়ক কৰাদাব্বু হৈছে দলিত সম্প্ৰদায়ৰ। তেতিয়া ঘড়ীত সময় ১০ বাজি ৩০ মিনিট গৈছে।
গলপতা, খাৰু, মূকুট, ব্ৰঞ্জ আৰু চিলভাৰৰ মুখা, কাঠ-ধাতু-নাৰিকলৰ পাত-ফুল-শামুকৰ খোলা আৰু বাঁহ, কাপোৰেৰে নিৰ্মিত কিৰীটি। হাতত জোঁৰ আৰু ভৰিত ব্ৰঞ্জৰ নূপুৰ পিন্ধি দৈৱই নাচিবলৈ ধৰিলে।
এই দৃশ্য আছিল এটা দশক আগৰ। দক্ষিণ কানাড়া জিলাৰ মাংগালুৰু তালুকত। শিল্পীজনৰ নাম মোৰ মনত নাই। কিন্তু একেটা তালুকৰ পদুপেৰাৰ গাঁৱৰ দয়ানন্দ কাঠালচৰ, যি নিজেও এগৰাকী দৈৱৰূপী নৰ্তক, তেওঁ আমাক কয়, “দৈৱৰ ওপৰত বিশ্বাস ৰাখিলে আপুনিও মনত শান্তি পাব...”
এটা দশক আগতে সেই ৰাতি নৰ্তকে প্ৰচণ্ড বেগত ঘূৰিছিল, ক্ষীপ্ৰ গতিৰে বলিষ্ঠা ৰূপত তেওঁৰ দৈৱ শক্তি দেখুৱাইছিল। দাতাজনৰ কাষ চাপি তেওঁক কিয় আহ্বান জনোৱা হ’ল, সেয়া সোধে। দৈৱৰূপ ধৰাজনৰ পৰিয়ালৰ এজন সদস্যই জোঁৰডাল ধৰি থাকে আৰু দৈৱজনে প্ৰতীকী ৰূপত অগ্নিতে হাত ধোৱে। “কেতিয়াবা তেওঁলোকে জ্বলন্ত কয়লাৰ ওপৰেৰে খোজকাঢ়ি যায় নাইবা কৰ্পূৰৰ জুই মুখত লৈ ‘গিলি’ পেলায়। এক বিস্ময় আৰু ভীতিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এনে কৰা হয়,” দয়ানন্দই কয়।








