কাদেৰ আলীৰ সৈতে আৰু কেতিয়াও কথা পাতিব পৰা নাযাব।
তেওঁক যেতিয়া মই ২০২৫ৰ নৱেম্বৰত লগ পাইছিলো, তেওঁ কথা ক’ব পৰা পৰ্য্যায়ত নাছিল। টিনৰ চালি দিয়া ঘৰটোত তেওঁৰ কথা কম, কুহুৰ কুহুৰ কাহৰ শব্দহে বেছি আছিল। শৰীৰ তেওঁৰ ইতিমধ্যে ৰোগত জৰ্জৰ হৈ পৰিছিল। আগচোতালৰ মতা কুকুৰাটোৰ মাতটো অশনি যেন লাগিছিল। ভিতৰত নৰিয়াত পৰা কাদেৰ শুই আছিল কাঠৰ খাট এখনত। তেওঁৰ গা একেবাৰেই ভালে নাছিল।
আগতে তেওঁ কাৰো সহায় নোলোৱাকৈ খোজকাঢ়িব পাৰিছিল, পুৰণি কথা মনত পেলাব পাৰিছিল আৰু ক্ষীণ কঁপা কঁপা মাতেৰে তেওঁ দুই-এষাৰ কথা পাতিব পাৰিছিল। কিন্তু নৱেম্বৰত তেওঁ বিচনাত যি পৰিল, তেওঁৰ পক্ষাঘাতগ্ৰস্ত শৰীৰে তেওঁৰ লগ এৰাৰ দৰেই হ’ল। হাতখনো আনকি তেওঁ লৰাব নোৱাৰা হৈ পৰিল। অৱশ্যে গাত চেতনা আছিল, অতবছৰে নিজে জন্ম পোৱা ঠাইখনত জীয়াই থকাৰ অধিকাৰৰ যুঁজখনত তেওঁ তেতিয়াও আছিল।
“পোন্ধৰ দিনমান আগৰ কথা। তেওঁৰ জ্বৰ উঠিল আৰু তেজ কমি গৈ থাকিল,” কাদেৰৰ ৩৩ বছৰীয়া পুত্ৰ ছহিদুল ইছলামে অসমৰ গামাৰীগুৰি গাঁৱৰ নিজ ঘৰৰ বাৰান্দাত থিয় হৈ এই প্ৰতিবেদকক কৈছিল। “কথা ক’ব নোৱাৰা হ’ল, খাব নোৱাৰা হৈছে। লৰচৰো কৰিব নোৱাৰা হৈ পৰিছে। কিমানদিন আমাৰ লগত থাকিব, ক’ব নোৱাৰো, তেওঁৰ অৱস্থা যোৱা-থোৱা হৈ পৰিছে,” তেওঁ হুমুনিয়াহ কাঢ়ি কৈছিল।
কাদেৰ তেতিয়াও চেতন অৱস্থাতে আছিল। চকুকেইটা এনেকৈ মেলি আছিল যেন মনত তেতিয়াও আশা আছে। কিন্তু আবেলি হৈ আহিছিল, টিনৰ চালিৰ তলেৰে সৰকি অহা ৰ’দ ক্ষীণ হৈ পৰিছিল।
আমি সাক্ষাৎ কৰাৰ কেইদিনমান পিছতে কাদেৰ ঢুকাইছিল। সেয়া আছিল ২০২৫ৰ ১৮ নৱেম্বৰ। তেতিয়া তেওঁৰ বয়স আছিল ৬৬ বছৰ।











