নাগালেণ্ডৰ সীমান্তৱৰ্তী অসমৰ যোৰহাট জিলাৰ এখন নিৰিবিলি টাই তুৰুং গাওঁ - নাম পহু কটীয়া শ্যাম তুৰুং। চৰকাৰী নথি-পত্ৰই নামটো টিপমিয়া হাবি গাওঁ বুলি আছে। একা-বেকা পুৰণি বোকাময় আলিবাট। ঘন অৰণ্য আৰু তাৰ মাজে মাজে পৰম্পৰাগত চাংঘৰ। ঘৰে ঘৰে সন্মুখত বাগিচা, চাৰিওফালে বাঁহৰ বেৰে গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যত সুৱগা চৰাইছে। এইখন গাঁৱৰে ৭৭ বছৰীয়া কৃষক অনন্ত তুৰুং, যিয়ে নিজৰ মাতৃভাষা টাই তুৰুঙৰ শব্দৰ ভঁৰাল গঢ়ি তোলাৰ এক ব্যতিক্ৰমী কামত দীৰ্ঘদিন ধৰি লাগি আছে।
“ভাষা হৈছে এখন বোৱতী নৈ। কেতিয়াও একে নাথাকে। কিন্তু এনেকুৱাও হ’ব নালাগে যে হঠাতে সকলো সলনি হৈ ই মৰি যাওক,” তেওঁ কয়। মনৰ অন্তঃকৰণেৰে এই বিশ্বাসকেই সৰোগত কৰি এইজন উপান্ত কৃষকে নিজৰ মাতৃভাষাৰ সংৰক্ষণ আৰু নথিভূক্তিকৰণৰ বাবে জীৱনৰ পাঁচোটাৰো অধিক দশক উচৰ্গা কৰিছে। নিজৰ তুৰুং জনগোষ্ঠীৰ শিপাৰ সন্ধান কৰা, টাই তুৰুং ভাষাৰ শব্দবোৰ সংগ্ৰহ কৰা, শব্দৰ উৎপত্তিমূল বুজাৰ চেষ্টা কৰা, ব্যাকৰণ চৰ্চা আৰু কেবাবাৰো হোৱা প্ৰব্ৰজন তথা সাংস্কৃতিক সংমিশ্ৰণে ভাষাটোক কেনেকৈ সমৃদ্ধ কৰিছে আৰু ৰেহ-ৰূপ সলনি কৰিছে - এই আটাইবোৰ দিশ সামৰি অনন্ত তুৰুঙে দীৰ্ঘদিন ধৰি কিতাপে-পত্ৰই লিখি আহিছে আৰু বিদ্যায়তনিক গৱেষণাতো সহায় কৰি আহিছে।
এই আটাইখিনি কাম তেওঁ কৰিছে নিজৰ ৫ বিঘা খেতিমাটিৰ পৰা হোৱা সামান্য উপাৰ্জনেৰে। একেবাৰে নিজা খৰচত। এখন ভেঞ্চাৰ স্কুলত চৰকাৰী স্বীকৃতি নোপোৱা শিক্ষক হিচাপে আৰু প্ৰশাসনিক কাম-কাজ চোৱা-চিতাৰ নামত জীৱনটোৰ দুকুৰিৰো অধিক সময় সেৱা আগবঢ়োৱাৰ পিছতো তেওঁ কোনোদিনে প্ৰাপ্যখিনি নাপালে। অৱশেষত চৰকাৰী অনুদান আহিল আৰু তেওঁক কেৰাণীৰ চাকৰি দিয়া হ’ল। কিন্তু তেতিয়া তেওঁৰ অৱসৰলৈ মাত্ৰ তিনি মাহহে বাকী আছিল। কিন্তু তেনে কঠিন পৰিস্থিতিতো ভাগি নপৰি তেওঁ সমান্তৰালভাৱে নিজৰ ভাষাটো সংৰক্ষণৰ বাবে যি কাম নিৰন্তৰ কৰি আছিল, সেয়া অব্যাহত ৰাখিলে।










