“কহৰ বৰপা থা (সেয়া আছিল এক চৰম ধ্বংসলীলা),” টাইম পাছ নামৰ অদ্ভুত নামধাৰী যুৱকজনে অতীতৰ সেই দিনৰ কথা সুঁৱৰি কয়। “(বহুত লাচ জলায়া থা। গিনতি কে বাহৰ হৌ গয়া থা (কিমান যে শৱদেহ দাহ কৰা হৈছিল, হিচাপৰ বাহিৰ হৈ গৈছিল)।”
পাটনাৰ গংগা নদীৰ পাৰত অৱস্থিত আটাইতকৈ পুৰণি শ্মশান বাঁস ঘাটত ক’ভিড-১৯ মহামাৰীৰ সংহাৰী ৰূপৰ পৰিণতিত মৃতদেহৰ লানি লগা দিনবোৰত সমাজৰ দৃষ্টিগোচৰ হোৱা ২১ বছৰীয়া টাইম পাছক এতিয়া মানুহে পাহৰিছে। এতিয়া তেওঁ উচ্ছেদিত, কৰ্মহীন হৈ চহৰখনত অনাই-বনাই ঘূৰি ফুৰিছে।
কোনো নিয়মীয়া কাম বা উপাৰ্জন অবিহনে এতিয়া অনাই-বনাই ঘূৰি ফুৰি তেওঁ যেন নিজৰ নাম ‘টাইম পাছ’ক আক্ষৰিক অৰ্থতে সঁচা কৰি তুলিছে।
অৱশ্যে এই নামটো তেওঁৰ এনেয়ে পৰা নাছিল। কাৰণ আছিল। ইয়াৰ বাবে জগৰীয়া তেওঁৰ খুৰাক জুগনু ৰাম। টাইম পাছৰ জন্মৰ সময়ত খুৰাক জুগনু ৰামে ছানী দেউলে অভিনয় কৰা চিনেমা এখন চাই ছবিগৃহৰ পৰা ঘৰলৈ উভতিছিল। ঘৰৰ মহিলাসকলে যেতিয়া তেওঁক একো কাম নকৰি এনেয়ে বহি সময় কটাইছে বুলি জোকাইছিল, তেতিয়া তেওঁ সেই ধেমালিৰ চলেৰেই ল’ৰাটোৰ নাম টাইম পাছ ৰাখি থৈছিল।
“হাতলৈ যি কামেই আহে, সেয়াই কৰো,” টাইম পাছে কয়। “মেট্ৰ’ৰ শৌচালয়, কেতিয়াবা নলা-নৰ্দমা চাফা কৰা, কেতিয়াবা মৰি পচি যোৱা গাহৰি তোলা, আকৌ কেতিয়াবা চিনাক্ত নোহোৱা মৃতদেহৰ শেষকৃত্য কৰা - এই সকলো কামেই মই কৰো। জাবৰো সংগ্ৰহ কৰো,” তেওঁ কি কি কাম কৰে, তাৰেই তালিকা এখন তেওঁ এই প্ৰতিবেদকক গাই শুনায়।
চহৰখনৰ পৰা যেতিয়াই গেলি-পচি যোৱা পৰিত্যক্ত শৱদেহ আঁতৰোৱাৰ প্ৰয়োজন হয়, তেতিয়াই মানুহে টাইম পাছৰ দৰে মানুহৰ সহায় লয়। মৰি পচি থকা পশুৰ শৱৰ দুৰ্গন্ধ যেতিয়া বিয়পি পৰে, টাইম পাছৰ প্ৰয়োজন আহি পৰে। ৰেলৰ আলিত কাৰোবাৰ ক্ষত-বিক্ষত শৱদেহ পৰি থাকিলে, টাইম পাছ নহ’লে নহয়। চহৰৰ কোনোবা চুকত পৰিত্যক্ত শৱদেহ যেতিয়া পুলিচে পায়, টাইম পাছক তেতিয়া পুলিচৰ জীপত উঠাই নিয়া হয় আৰু তেওঁ মৰোণোত্তৰ পৰীক্ষা কক্ষৰ বাহিৰত অপেক্ষা কৰে। তেওঁৰ যে কিবা বিশেষ দক্ষতা আছে বা প্ৰশিক্ষণ পাইছে, তেনে নহয়। ডোম সম্প্ৰদায়ৰ হোৱা বাবেই তেওঁক এনেকৈ মাতি অনা হয়।
বিহাৰত ডোম সম্প্ৰদায়ৰ লোকসকলক মহাদলিত শ্ৰেণীত অন্তৰ্ভুক্ত। এইসকল লোক ৰাজ্যখনৰ আটাইতকৈ বঞ্চিত সামাজিক গোটসমূহৰ অন্যতম। ২০২৩ চনৰ শেহতীয়া জাতিভিত্তিক সমীক্ষা অনুসৰি তেওঁলোকৰ জনসংখ্যা ২,৬৩,৫১২, অৰ্থাৎ ৰাজ্যখনৰ ১৩১ নিযুত জনসংখ্যাৰ মাত্ৰ ০.২০ শতাংশ ।
হিন্দুসমাজৰ বৰ্ণবাদী বৰ্গীকৰণৰ একেবাৰে তলৰ শ্ৰেণীৰ লোক হিচাপে তেওঁলোকৰ ওপৰত উচ্চবৰ্ণৰ লোকসকলে বলপূৰ্বক জাপি দিয়া বৃত্তিৰ পৰা তেওঁলোক ওলাই আহিবলৈ অপাৰগ। সেই বৃত্তি হৈছে মৃতদেহ সৎকাৰ কৰা অথবা চাফাইকৰ্ম।

















