পৰিয়ালটোত এজনৰ বাদে আন কাৰোৱে ক’ভিড ৰিজাল্ট পজিটিভ অহা নাছিল। কিন্তু তেওঁলোকৰ কপালত ভুগিব লগীয়াটোৱে লিখা আছিল। চৰকাৰী নিৰ্দেশ অনুযায়ী কোৱাৰেইণ্টাইনৰ বাবে ১৪ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও পৰিয়ালটোৱে এমাহ ঘৰ এৰিব পৰা নাছিল। এই কটকটীয়া নিয়ম নিজাববীয়াকৈ বান্ধি দিছিল গাঁৱৰ মানুহৰ সৈতে কথা পতা সৰপঞ্চগৰাকীয়ে। পৰিয়ালটোৰ এজনৰহে ক’ভিড ধৰা পৰিছিল।
তাতে আকৌ ওচমানাবাদৰ প্ৰথমটো ক’ভিড কে’ছ আছিল তেওঁৰটো। হাৰিয়ানাৰ পানিপথত তেওঁ তবলিগি জামাতৰ এখন সভাত অংশ লোৱাৰ পিছত পৰা ঘূৰি আহিছিল।
মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ উমাৰ্গা তালুকাৰ চৰকাৰী হস্পিতালত তেওঁ সুস্থ হৈ থকা অৱস্থাত তেওঁৰ পৰিয়ালক প্ৰায় গৃহবন্দীয়ে কৰি থোৱা আছিল। “আমি আমাৰ শস্যখিনিও চপাব নোৱাৰিলো,” ৩১ বছৰ বয়সীয়া মহম্মদ ছলমানে (নাম সলনি কৰা হৈছে) কয়। “চপাবপৰা হোৱা শস্যখিনি পথাৰতে পচি গ’ল। আমি ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হ’ল। কিছু শস্য জীৱ-জন্তুৱে নষ্ট কৰিলে, বহুখিনি শুকাই গ’ল। আমি একো বচাব নোৱাৰিলোঁ। আমাক প্ৰায় ৫০,০০০ টকাৰ ক্ষতি হ’ল।”
ছলমান পানিপথৰ পৰা ঘূৰি আহিছিল ২৪ মাৰ্চত। সেই দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশব্যাপী লকডাউন ঘোষণা কৰিছিল। সেই সপ্তাহতে দিল্লীৰ কৰ্তৃপক্ষই জানিবলৈ পালে যে ২,০০০ লোক মাৰ্কাজ নিজামুদ্দিনত আছে। মাৰ্কাজ নিজামুদ্দিন হৈছে ১৯২৬ চনত স্থাপিত তবলিগী জামাত সংগঠনৰ মুখ্য কাৰ্যালয়। ১৩-১৫ মাৰ্চত হোৱা সভাত অংশ লোৱা এই লোকসকলৰ মাজেৰে ভাইৰাছ দ্ৰুতগতিত বিয়পিবলৈ ধৰে। তাৰপিছত গোটেই সম্প্ৰদায়টোক জগৰীয়া কৰাৰ এক বৃহৎ অভিযান আৰম্ভ হয়।








