বিহাৰৰ দৰভাংগা জিলাৰ তাৰ্দি গাঁৱৰ কৃষিশ্ৰমিকৰ সন্তান লাল সিং ১৯৯৭তে মুম্বাইলৈ আহিছিল। গাঁও মানে আছিল দাৰিদ্ৰ্য আৰু সংগ্ৰামৰ আন এক নাম। আনফালে সপোনপুৰী মুম্বাইৰ ৰংচঙীয়া পোহৰে তেওঁক আকৰ্ষিত কৰিছিল। গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰা ২.১ কোটি প্ৰব্ৰজনকাৰী ভাৰতীয়ৰ মাজৰ তেঁৱো এগৰাকী আছিল। আৰু কেৱল সেইটো দশকতে মুম্বাইলৈ অহা ২৫ লাখ প্ৰব্ৰজনকাৰীৰ মাজৰ এগৰাকী আছিল তেওঁ। এই প্ৰব্ৰজন আছিল জীৱিকাৰ সন্ধানত। তেওঁ তাত প্ৰহৰী হিচাপে কাম কৰিলে, কাৰখানাত খাটিলে, অফিছ বয় হিচাপে কাম কৰিলে, কুকুৰ ৰখীয়া হ’ল, ৰন্ধা-বঢ়াৰ কামো কৰি চালে। কিন্তু তাৰ মাজতে সমান্তৰালভাৱে তেওঁ সপোনৰ চহৰখনত নতুন এক হাবিয়াস পুহিবলৈ ল’লে, অভিনয় আৰু সৃষ্টিশীল লিখনিৰ প্ৰতি তেওঁৰ মনত নতুনকৈ ধাউতি জাগিল।
দুকুৰি আঠ বছৰ কাল মুম্বাইত লাল সিঙে জীৱিকা নিৰ্বাহৰ অৰ্থে দিনবোৰ নিয়াইছে। কিন্তু নেপথ্যত তেওঁ সৃষ্টিশীল কিবা এটা কৰাৰ বাবে নিজৰ হেপাহক লালন-পালন কৰি থাকিল। প্ৰতিদিনে তেওঁ অভিনয় আৰু লিখাৰ কৌশল আয়ত্ত কৰাৰ কামত নিজকে নিমজ্জিত কৰি থাকিল। এয়াই লাল সিঙৰ প্ৰায় তিনিটা দশকৰ অনুপ্ৰেৰণাদায়ক আৰু মনত ৰেখাপাত কৰা কাহিনী।
অনুবাদ: পংকজ দাস


