২০২৬ৰ ১৫ মে’ৰ দিনা এটা উদ্বেগজনক ব্ৰেকিং নিউজ দেখি এই প্ৰতিবেদক থমকি ৰ’ল। গুজৰাটৰ চুৰাটৰ এটা শাড়ী পেকেজিং ইউনিটৰ পৰা ৯৩টা শিশু উদ্ধাৰ হৈছে। মনতে ভাবিলো, আব্বাছো যদি তাৰে মাজৰ এজন হ’লহেঁতেন!
তেনেই কম পোহৰত কাপোৰৰ সেমেকা গোন্ধৰ মাজত এটি নিশকতীয়া শিশুৰ কাষত মই বহি লৈছিলো। সি হাউলি পৰি কাম কৰি আছিল। সোণালী গুণাসূতা লৈ সি কাপোৰত পথাৰ আৰু উৰি থকা চৰাইৰ ফুল তুলি আছিল। কি এক ক্ষীপ্ৰতাৰে তাৰ হাতত থকা বেজী-সূতা চলিছে আৰু কাঠৰ ফ্ৰেমত লগাই লোৱা শাড়ীখনত মণি-চুমকি আৰু মূল্যৱান পাথৰ আদি গুঁথি গৈছে, দেখি আচৰিত নহৈ নোৱাৰি। তাৰ শীৰ্ণ অথচ দক্ষ হাতৰ আঙুলিৰ নখত কালিৰ ময়লাবোৰ লাগিয়েই আছিল।
আব্বাছক সেই কোঠাটোত বন্দী হৈ থকা আনবোৰৰ দৰেই দেখা গৈছিল। সিহঁতৰ চকুবোৰত উদং এটা চাৱনি, আঙুলিবোৰ দীঘল শীৰ্ণকায়। মালিকৰ মতে সেই আঙুলিবোৰ জৰি শাড়ীত ফুল তোলা সুক্ষ্ম কামৰ বাবে একেবাৰে সঠিক। খৰকৈ ফুল তুলি থকাৰ মাজতে এবাৰ-দুবাৰ মুৰ দুপিয়াই দিয়াত বাদে আব্বাছৰ বিশেষ একো ক’বলগীয়া নাই। স্বাভাৱিক জগতখনৰ পৰা একেবাৰে বাহিৰত তাৰ অৱস্থিতি, দিন-বাৰ বা বছৰৰ হিচাপ তাৰ নাই।
তাক লাহেকৈ মই সোধাত সিও লাহেকৈ ক’লে, “মই স্কুললৈ যোৱাৰ সপোন নেদেখো। আৰু মই চিলা উৰুৱাবলৈও নাযাওঁ।” সি তাৰ অভাৱী পৰিয়ালটোৰ বাবে কোনোমতে জীৱিকাৰ বাট এটা উলিয়াইছিল। সি মোক কৈছিল যে ৰাতি সি হয় সেই কাঠৰ ফ্ৰেমবোৰৰ মাজৰ মজিয়াখনতে শোৱে, যিবোৰ ফ্ৰেমত সি দিনত কাম কৰে। নাইবা বাহিৰৰ শ্বাটাৰৰ ঠিক কাষৰ কংক্ৰিটৰ ফুটপাথত শুই পৰে। এই অন্ধকাৰ, লেতেৰা আৰু বতাহ চলাচল নকৰা কোঠাটোৰ ধূসৰ চালিখনেই আছিল আব্বাছৰ আকাশ। মোৰ ধাৰণা নহয় যে সি কেতিয়াবা এই ইউনিটটোৰ পৰা ওলাই বাহিৰত খোজ দিয়াৰ সুযোগ পাইছিল।
কিন্তু সেই তেতিয়াৰ পৰাই আব্বাছ মোৰ ভাৱনাত মোৰ লগতেই বাট বুলিছে। যেতিয়া মই খবৰটো দেখিলো, মই শিৰোনামবোৰক এটা গানৰ ৰূপ দিব বিচাৰিছিলোঁ। গীটাৰৰ চি মাইনৰ কৰ্ডত সেই দুখটোক বান্ধি ৰাখিব বিচাৰিছিলোঁ। কিন্তু সকলো উপমাবোৰ সকলো ম্লান হৈ পৰিল। তাক দেখা কৰি অহাৰ দিনাৰ পৰা মনৰ মাজত যি এটা দুখক মই ঠাই দিলো, তাৰ ভৰ সেই ক’ৰ্ডে ল’ব নোৱাৰিলে। মনৰ মাজতে সি অপ্ৰকাশ্য বিষণ্ণ এটি সুৰ হৈ থাকি গ’ল।


