অনশন, ১৬৫ দিন ধৰি প্ৰতিবাদী সমদল, পথ অৱৰোধ, বিধায়কবোৰলৈ আবেদন, অনাময় কৰ্মীৰ মৃত্যুৰ ভেশচন ধৰি কৰা প্ৰতীকী প্ৰতিবাদ, বোকা-পানীৰ মাজত সোমাই কৰা প্ৰতিবাদ... কিমান কি যে তেওঁলোকে কৰিবলগীয়া নহ’ল!
চেন্নাইৰ পৌৰ কৰ্মীসকলে নিজৰ দাবী ৰাজ্য চৰকাৰক শুনাবলৈ ইমান দিন ধৰি আৰু ইমান জংগি আন্দোলন কৰিবলগীয়া হ’ল। এয়া কেৱল প্ৰতিবাদেই নাছিল, এয়া আছিল চহৰখনৰ আটাইতকৈ নিষ্পেষিত শ্ৰেণীৰ মানুহৰ দ্বাৰা পৰিচালিত এক ঐতিহাসিক সংগ্ৰাম। সেইসকলৰ সংগ্ৰাম, যিসকলে নীৰৱে আঁতৰি যাব বিচৰা নাছিল।
এই সন্দৰ্ভত ২০২৫ৰ ডিচেম্বৰত এগৰাকী জ্যেষ্ঠ অনাময় কৰ্মী এম. মহালক্ষ্মীয়ে ৰাজ্য চৰকাৰৰ নিৰ্লিপ্ততাৰ আঁৰত গভীৰ জাতিভিত্তিক বিদ্বেষ সোমাই থকা বুলি কয়। “আমি কোনো সঁহাৰি নোপোৱাকৈয়ে ১৩০ দিনতকৈও অধিক দিন হ’ল এই প্ৰতিবাদ কৰি থকাৰ। মন্দিৰৰ কৰ্মীসকলক কোনো প্ৰতিবাদ অবিহনেই স্থায়ী চাকৰি দিয়া হ’ল। নাৰ্ছসকলৰ দাবীও এসপ্তাহৰ ভিতৰতে চৰকাৰে মানি ল’লে। কিন্তু অনাময় কৰ্মীসকলে যেতিয়া একেই মৰ্য্যাদা বিচাৰিছে, দলিত হোৱাৰ বাবেই চৰকাৰে আমালৈ পিঠি দিয়ে।”





















