কজলিয়াঁৰ বাৰ্ষিক উত্সৱৰ প্ৰস্তুতি চলে বুন্দেলখণ্ড আৰু বাঘেলখণ্ড অঞ্চলৰ লোকে মাটিৰ পাত্ৰত বীজ ৰখাৰ দিনটোৰ পৰা। তাৰে ন দিন পিছত যেতিয়া বীজবোৰ অংকুৰিত হয়, সেই বীজবোৰক পূজা কৰা হয়। খুজলু বুলি কোৱা এই অংকুৰিত বীজৰ পুলিবোৰ এটা খৰাহীত ভৰাই মহিলাই মূৰত লৈ মন্দিৰলৈ যায়। বাটত তেওঁলোকে পৰম্পৰাগত গীত গাই যায়।
“আমি বৰ উলহ-মালহেৰে কঁজলিয়া উদযাপন কৰোঁ,” মহিলাসকলো চাহদোল জিলাৰ পঁচগাওঁস্থিত মন্দিৰটোলৈ যোৱাৰ বাটত গীত গোৱা আৰু ঢোলকি বজোৱা মমতাই কয়।
এই উত্সৱ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ বাবে বিশেষ। একাত্মবোধৰ এই উত্সৱ মানে পৰস্পৰক ক্ষমা কৰি একেলগে আগবাঢ়ি যোৱাৰ সময়। জনবিশ্বাস যে খুজলু কাৰোবালৈ আগবঢ়ালে অসূয়া-অপ্ৰীতি দূৰ হয় আৰু সংহতি স্থাপিত হয়। উচ্চ জাতৰ লোক যেনে ব্ৰাহ্মণ আৰু ৰাজপুতসকলে ধ্বজাবাহী শোভাযাত্ৰা কৰে আৰু ঘৰত পূজা-পাতাল কৰে। আদিবাসী গোণ্ড আৰু বাইগা জনজাতীয় লোকসকলে লোকনৃত্য-গীতেৰে এই উত্সৱ উদযাপন কৰে।
“ইয়াত মেলাৰ দৰে উত্সৱৰ পৰিৱেশে বিৰাজ কৰিছিল,” মন্দিৰৰ চোৱাচিতাৰ দায়িত্বত থকা ৰামস্বৰূপ বিশ্বকৰ্মাই কয়। “দূৰ-দুৰণিৰ পৰা মানুহে এই উত্সৱত ভাগ ল’বলৈ আহিছিল। বতাহত নাম-কীৰ্তনৰ শব্দ ভাঁহিছিল, গোটেই গাওঁখনেই আনন্দ-উত্সৱত আত্মহাৰা হৈ পৰিছিল।”


