দুপৰীয়া ২ বজাতে দেৱেশ্বৰীৰ স্কুল শেষ হয়, কিন্তু তেওঁৰ কাম শেষ নহয়। কান্ধত মোনা এটা ওলমাই লৈ কপাহী দোপাত্তা এখন মূৰত মেৰিয়াই তেওঁ ৪০ ডিগ্ৰী উষ্ণতাৰ ৰ’দ মূৰত লৈ ৰাওনা হয়। ঘৰলৈ নহয়, হাবিলৈ। “মই এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী,”তেওঁ কয়। “কিন্তু মই মোৰ ছাত্ৰ-ছাত্ৰীকেইটাই দুপৰীয়াৰ আহাৰ খোৱাটোও নিশ্চিত কৰিব লাগিব। সেয়ে এতিয়া খৰি সংগ্ৰহ কৰিবলৈ হাবিলৈ যাব লাগিব।”
দেৱেশ্বৰী নেগি (৪৮) লক্ষ্নৌৰ গ্ৰামাঞ্চলৰ মল ব্লকৰ ৰুদান খেৰা প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। পাঁচগৰাকী কৰ্মচাৰীৰ পাঁচোৱেই মহিলা। দুগৰাকী সহকাৰী শিক্ষয়িত্ৰী আৰু তিনিগৰাকী ৰচোইৱাস (ৰান্ধনী) যিয়ে স্কুলৰ শিশুহঁতৰ বাবে মধ্যাহ্ন ভোজন ৰান্ধে।
কেন্দ্ৰ চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত উত্তৰ প্ৰদেশত ১,৪১,০০০ৰো অধিক প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ১.৫ কোটি শিশু মধ্যাহ্ন ভোজন পোৱাৰ যোগ্য। এই স্কুলৰ প্ৰায় আটাইবোৰতে এলপিজিৰ সংযোগ আছে। কিন্তু ইৰানৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যুদ্ধই অনা এলপিজি সংকটৰ ফলত শিশুৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ মধ্যাহ্ন ভোজন বিঘ্নিত হৈছে। লেখত ল’বলগীয়া সংখ্যাত স্কুল প্ৰভাৱিত হৈছে, কিন্তু কিমানখন, তাৰ চৰকাৰী হিচাপ এতিয়ালৈ নাই।
এনেকৈ স্কুলৰ শেষত মধ্যাহ্ন ভোজনৰ বাবে খৰি সংগ্ৰহ কৰিবলৈ গাঁৱৰ বস্তিয়ে বস্তিয়ে প্ৰতিদিনে স্কুলখনৰ এই চাৰিজন কৰ্মচাৰীয়ে যাবলগীয়া হোৱাৰ এতিয়া এমাহ হ’ল। “আমি গেছ এজেন্সী আৰু স্থানীয় খৰি বিক্ৰেতাৰ সৈতে কেবাবাৰো কথা পাতি চাইছো। গাঁওপ্ৰধানকো অনুৰোধ জনাইছো। কিন্তু কোনেও এই কঠিন সময়ত আমাক সহায় কৰিব পৰা নাই,”নেগিয়ে পাৰিক কয়।
এটা সময়ত সহজে উপলব্ধ খৰি এতিয়া লক্ষ্নৌৰ চহৰ এলেকাত ব্যৱসায়ীৰ গ্ৰাহত পৰিছে। “আমি আটাইখিনি খৰি ৰেষ্টোৰাঁ আৰু হোটেলক বিক্ৰী কৰি দিলো। এনে নহয় যে আমি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীখিনিক সহায় কৰিব নিবিচাৰো, কিন্তু আমাৰ একো উপায় নাই,” স্থানীয় খৰি বিক্ৰেতা ধৰ্মেশ যাদৱে কয়। “যিখিনি আছে, সেইখিনি আমাৰ দৈনন্দিন কামত লাগে। নহ’লে আমি খাম কি?”
শিক্ষাৰ্থীসকলেও খৰি বিচৰাত সহায় কৰি দিয়ে। স্কুলঘৰৰ চালিত লাগি থকা সৰু ডাল এডালো কামত আহিছে।










