দলিত সম্প্ৰদায়ৰ দল দুটাই কাবাদীত জয়ী হোৱাটোৱে এই জাতিভিত্তিক হিংসাৰ পৰ্য্যাপ্ত কাৰণ আছিল। দেৱেন্দ্ৰৰাজে পৰীক্ষা দিবলৈ বুলি ওলাইছিল, তেনেতে সিহঁতে আহি বাছখন ৰখায়। তেওঁক বাছৰ পৰা চোঁচৰাই টানি উলিয়াই আনে। তাৰপিছত ৰাস্তাতে মাৰ-ধৰ কৰিবলৈ লয়। দেউতাকে এই সমগ্ৰ ঘটনাৰ বৰ্ণনা দি থাকোতে মোৰ গাৰ নোম শিঁয়ৰি উঠিছিল। এয়া খেলক লৈ হোৱা হিংসা নাছিল, এয়া আছিল ক্ষমতাক লৈ হোৱা হিংসা। দলিতৰ ল’ৰাই কেনেকৈ উচ্চবৰ্ণৰ ল’ৰাৰ বিৰুদ্ধে খেলি জিকিব পাৰে, এই কথা সহজভাবে ল’ব নোৱাৰাত এই আক্ৰমণ হৈছিল। অথচ এই কথা সকলোৱে জানিছিল যে দেৱেন্দ্ৰ তেওঁৰ অঞ্চলটোৰ আটাইতকৈ ভাল খেলুৱৈৰ মাজৰ এজন আছিল।
ডাক্তৰে মোক কৈছিল যে তেওঁৰ মূৰ আৰু হাত দকৈ কটা গৈছে। তাৰে এটা আঘাত অতিশয় গুৰুতৰ। তেওঁৰ আঙুলিবোৰ আংশিকভাৱে কটা গৈছিল আৰু ভাল হ’বলৈ দুমাহৰ পৰা তিনিমাহ সময় লাগিব বুলি ডাক্তৰে কৈছিল। ডাক্তৰে কয়, “আঙুলীবোৰ সঠিকভাৱে জোৰা লাগিলেহে প্লাষ্টিক চাৰ্জাৰী কৰিব পৰা যাব।”
ঘৰখনৰ ডাঙৰ ল’ৰা দেৱেন্দ্ৰৰাজ। “মই ইটাৰ ভাতীত কাম কৰো। সন্তান দুটা। ডাঙৰজন দেৱেন্দ্ৰৰাজ। তেওঁ পালায়মকোট্টাইৰ এখন স্কুলত পঢ়ি আছে। মোৰ সৰুজনী ছোৱালী। মই আৰু মোৰ পত্নী দুয়ো প্ৰতিদিনে ভাতীলৈ যাওঁ,” তাংগা গণেশে কয়।
তেওঁ নিজৰ জীৱনৰ বিষয়ে ক’লে: “সৰুতে জাত-পাত সম্পৰ্কে একো নাজানিছিলো। আমাৰ কোনো শিক্ষকে কেতিয়াও আম্বেদকাৰ বা পেৰিয়াৰৰ কথা কোৱা নাছিল। দশম শ্ৰেণীৰ পৰীক্ষাৰ পিছত ঘৰত আৰ্থিক নাটনি দেখি মই এটা আই টি আই (বৃত্তিমূলক কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান)ত মটৰ মেকানিকৰ কাম শিকিবলৈ আবেদন কৰিছিলো। ভৰ্তি মাচুল ৬৫০ টকা আছিল যদিও সেইখিনি যোগাৰ কৰাটোও কঠিন আছিল। মায়ে ধাৰ কৰি সেই পইচা যোগাৰ কৰি দিছিল।
“বহু আশা কৰি বুকুত সপোন বান্ধি তালৈ গ’লো। কিন্তু প্ৰতিষ্ঠানটোত উপস্থিত হৈ দেখিলো যে বিষয়াজনে কেৱল আমাৰ দুই কি তিনিজনৰ নাম লৈ ক’লে যে তাত পঢ়িবলৈ ছিট নাই। তেওঁলোকে আমাক আঁতৰাই পঠিয়ালে আৰু গেটবোৰত তলা লগাই দিলে। তাৰে মাজৰ এজন ময়ো আছিলো। কিয় তেনে কৰিছিল তেতিয়া বুজা নাছিলো। গেটখনৰ বাহিৰত ৰৈ কান্দিছিলো। তেওঁলোকে কৈছিল যে মই কম নম্বৰ পাইছো। কিন্তু সেয়াই যদি হয়, তেন্তে মই কিয় এডমিচন কাৰ্ডখন পালো? বহুদিনলৈ সেই কথাই মোৰ মনত পাকঘূৰণি খাই থাকিছিল।”