“অহ্ বাইদেউ, বেয়া নাপাব। সেইটোৱেই শেষৰটো বাৰ্গাৰ আছিল। তেওঁ লৈ গ’ল,” যন্তৰ মন্তৰ প্ৰতিবাদস্থলীৰ বাহিৰত লগ পাওঁতে ৰাহুলে মোক কয়। তেওঁ বাইকতে বহি আছিল। সন্ধিয়া ৬ বাজি ৩০ মিনিট পাৰ হৈছে। তেওঁৰ পিঠিত জমেটোৰ ৰঙা বেগটো খালি হৈ গৈছিল। “বেগটোত ৩০ টা বাৰ্গাৰ আছিল। লিখা আছিল - ‘প্ৰয়োজন হোৱাজনৰ বাবে’,” তেওঁ ক’লে।
দিনত পঢ়া আৰু ৰাতি জমেটোত কাম কৰা বিহাৰৰ দৰভংগা জিলাৰ এয়া ৰাহুল কুমাৰ যাদৱ। আন্দোলনত ভাগ ল’বলৈ তেওঁ অধ্যয়ন এৰা নাই। তেওঁ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ডেলিভাৰী বয় হিচাপে কাম কৰিছে। তেওঁ কঢ়িয়াই অনা কিছুমান খাদ্যবস্তু আন চহৰৰ মানুহে পেমেণ্ট কৰি দি পঠিয়াইছিল। অচিনাকী দাতাসকলে বিশেষ কোনো ব্যক্তিৰ নামত নিদি, সেয়া কেৱল যন্তৰ মন্তৰত যাৰে ভোক লাগে তাৰ বাবে এই খাদ্যৰ পেকেটবোৰ পঠিয়াইছিল।
যন্তৰ মন্তৰ তেতিয়া আন্দোলনত কঁপি উঠিছে। পুলিচে লাঠিচালনা কৰিছে, যাকে পাই তাকে আটক কৰিছে, কিন্তু তাৰ মাজতো বিভিন্ন দিশৰ পৰা খাদ্য আহিয়েই আছে। অনলাইন এপৰ ডেলিভাৰী পাৰ্টনাৰসকলৰ সোঁত বৈ থাকিল। বাৰ্গাৰ, চেণ্ডৱিচ্চ, পাৰ্লে-জি বিস্কুটৰ পেকেট আৰু বিভিন্ন বস্তু আহি থাকিল। ইয়াৰ উপৰিও দিল্লীৰ মানুহৰ ঘৰৰ পৰাও ৰন্ধা খাদ্য আহিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে কথা যে ওচৰৰে এটা গুৰুদ্বাৰাৰ লংগৰৰ (ৰাইজক বিনামূল্যে খুওৱাৰ বাবে স্বেচ্ছাসেৱকৰ ৰাজহুৱা ৰন্ধন ব্যৱস্থা) পৰা খাদ্য আহিল। এই লংগৰ দশক দশক ধৰি ৰাইজৰ বাবে মুকলি।








