

Kolhapur, Maharashtra
|WED, JUL 30, 2025
ভগ্ন প্ৰস্তৰ, ভগ্ন হাড় আৰু স্মৃতিৰ অতল গহ্বৰৰ গীতবোৰ
পাৰিৰ স্বেচ্ছাসেৱক সংকেত জৈনে সমগ্ৰ ভাৰতৰ ৩০০খন গাঁও ভ্ৰমণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে: এই ছবি গ্ৰাম্য জীৱন বা কোনো অনুষ্ঠানৰ আলোকচিত্ৰ আৰু সেই আলোকচিত্ৰৰ স্কেটছ্৷ এয়া হ’ল পাৰিৰ ছিৰিজৰ সপ্তমখন স্কেটছ্৷ আলোকচিত্ৰ অথবা স্কেটছখন সম্পূৰ্ণৰূপে চাবলৈ শ্লাইডাৰত আঙুলি বোলাওক
Author
Editor
Translator
পাৰিৰ স্বেচ্ছাসেৱক সংকেত জৈনে সমগ্ৰ ভাৰতৰ ৩০০খন গাঁও ভ্ৰমণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে: এই ছবি গ্ৰাম্য জীৱন বা কোনো অনুষ্ঠানৰ আলোকচিত্ৰ আৰু সেই আলোকচিত্ৰৰ স্কেটছ্৷ এয়া হ’ল পাৰিৰ ছিৰিজৰ সপ্তমখন স্কেটছ্৷ আলোকচিত্ৰ অথবা স্কেটছখন সম্পূৰ্ণৰূপে চাবলৈ শ্লাইডাৰত আঙুলি বোলাওক
‘‘আমাৰ দৈনন্দিন জীৱনৰ যি কাম, সেই কামত কেতিয়াবা হাড় ভাঙিও যাব পাৰে,’’ হাতুৰীটো হাতত তুলি লৈ ভিমাবাঈ পাৱাৰে এইদৰে কয়৷ এই আলোকচিত্ৰত যিখন শীৰ্ণ হাতৰ ছবি আপোনালোকে দেখিছে, সেই হাতৰ গৰাকী ভিমাবাঈ এগৰাকী ভূমিহীন দলিত৷ কৰ্ণাটকৰ বিজাপুৰ জিলাৰ সিংড়ি (গ্ৰামীণ)ৰ ভিমাবাঈয়ে প্ৰব্ৰজনকাৰী শিল ভঙা কৰ্মী হিচাপে কাম কৰে৷
ত্ৰিশৰ দেওনাত উপনীত হোৱা ভিমাবাঈয়ে পোন্ধৰ বছৰ বয়সৰ পৰাই তেওঁৰ এই প্ৰব্ৰজনকাৰী জীৱন আৰম্ভ কৰিছিল৷ প্ৰতিবছৰে মহাৰাষ্ট্ৰৰ গাঁওবোৰত ছমাহৰ বাবে অৰ্থাৎ নৱেম্বৰৰ পৰা এপ্ৰিললৈ শিল ভঙা কামৰ বাবে ভিমাবাঈহঁতে ঘূৰি ফুৰিবলগীয়া হয় আৰু বছৰটোৰ বাকী ছমাহ তেওঁ সিংড়ি তালুকত খেতিপথাৰৰ কাম কৰে৷
এশ ঘন ফুটৰ শিলৰ এটা টুকুৰা সৰু সৰু টুকুৰালৈ ভাঙিবলৈ তেওঁ তিনিশ টকা লাভ কৰে৷ ২০০০ চনৰ আগভাগত এই একেটা কামৰ বাবে তেওঁ ত্ৰিশ টকাকৈ লাভ কৰিছিল৷ এনেকুৱা ধৰণৰ একোটা শিলৰ টুকুৰা ভাঙিবলৈ দুদিনৰ সময়ৰ প্ৰয়োজন হয় যদিহে সেই সময়ছোৱাত হাত নাভাঙে, ভিমাবাঈয়ে এইদৰে কয়৷
হাড়ভগা শ্ৰম, পুতৌজনক জীৱনশৈলীয়ে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ জীৱন দুৰ্বিসহ কৰি তোলে৷ হালধীয়া ৰঙৰ প্লাষ্টিক এখনেৰে বনোৱা তম্বু এটাৰ তলত তেওঁ গিৰিয়েকৰ সৈতে কৰ্মস্থলীৰ কাষতে বাস কৰে৷ তেওঁলোকৈ য’লৈ কাম কৰিবলৈ যায় তালৈ এই প্লাষ্টিকৰ আৱৰণ কঢ়িয়াই ফুৰে৷
ভিমাবাঈৰ পিতৃ-মাতৃ আছিল কৃষি শ্ৰমিক৷ এই আলোকচিত্ৰখন কোলহাপুৰ জিলাৰ কাম্বালৱাড়ি গাঁৱৰ ৰাধানগৰী তেহচিলত লোৱা হৈছিল৷ সেই সময়ত তাত সিংড়িৰ (গ্ৰামীণ) দহ গৰাকী মহিলাই কাম কৰি আছিল৷ মহিলাকেইগৰাকীয়ে মহাৰাষ্ট্ৰৰ কোলহাপুৰ, সাতাৰা আৰু পুনে জিলাত কাম কৰা বুলি জনাইছিল৷ তেওঁলোকৰ গিৰিয়েকসকলেও শ্ৰমিক আৰু শিলভঙা কৰ্মী হিচাপে কাম কৰে৷ পুৰুষসকলে কাষৰ পাহাৰৰ প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰ ভাঙে আৰু সেইবোৰ ট্ৰেক্টৰেৰে কৰ্মস্থলীলৈ লৈ আহে৷ মহিলাসকলে আকৌ সেই টুকুৰাবোৰ সৰু সৰু টুকুৰালৈ ভাঙে৷ গোটটোত প্ৰায় দহ-বাৰগৰাকী মানুহ থাকে৷ প্ৰতিখন ট্ৰেক্টৰত এশ পঞ্চাশকৈ দিয়া হয় আৰু তেওঁলোকে অতি কমেও এদিনত দহখন ট্ৰেক্টৰ ভৰ্তি কৰিব পৰাকৈ শিলবোৰ সৰু সৰু টুকুৰালৈ ভাঙে৷
কৰ্মস্থলীত তেওঁলোকৰ সৰু সৰু শিশুসকলেও দৌৰাদৌৰি কৰি থাকে৷ কিছুমান নৱজাতকক শাড়ীৰে এখন দোলনা বনাই তাতে শুৱাই থোৱা হয়৷ অধিকাংশ শিশুৱেই মাধ্যমিক বিদ্যালয়ত নাপাওঁতেও পঢ়া সামৰে৷
‘‘আঘাতপ্ৰাপ্ত হোৱাটো সাধাৰণ কথা৷ কিন্তু সেই আঘাতৰ অচিলা লৈ কাম বন্ধ হোৱাৰ কোনো কাৰণেই নাথাকে৷ অৱস্থা সহ্যাতীত হ’লে আমি গাঁৱলৈ উভতি আহিব লাগে’’, ভিমাবাঈয়ে এইদৰে কয়৷ মাজে সময়ে এজনে শিল ভাঙি থকা অৱস্থাত সেই ভঙা শিলৰ পৰা উফৰি অহা টুকুৰাই অন্য এজনকো আঘাত কৰে৷ ‘‘সৰু সৰু আঘাত পোৱা গৈয়ে থাকে’’, শিলৰ সৰু টুকুৰাই বাঁও চকুত আঘাত কৰা গংগুবাইয়ে এইদৰে কয়৷
আবেলি ৪ বাজিছে যদিও গৰমটো কমা নাই৷ হঠাতে শিল ভঙাৰ শব্দ স্তব্ধ হৈ পৰে৷ মহিলাকেইগৰাকীয়ে পাঁচ মিনিটৰ বাবে বিশ্ৰাম লোৱাৰ কথা চিন্তা কৰে৷ আবেলিৰ হেলনীয়া সূৰ্যৰ পোহৰত ঘূৰণীয়াকৈ বহি লোৱা মহিলাকেইগৰাকীৰ পৰা প্ৰকৃতি বিষয়ক মাৰোৱাৰী ভাষাৰ গীতৰ কলি টুকুৰা টুকুৰকৈ ভাঁহি আহে৷ ‘‘আমাৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ পৰা আহিছিল৷ সেয়ে আমি মাৰোৱাৰী, কানাড়া আৰু মাৰাঠীও ক’ব পাৰো’’, তেওঁলোকে এইদৰে কয়৷
অনুবাদক: মনোৰঞ্জন মজুমদাৰ
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/broken-stones-fractured-bones-remembered-songs-as

