২০১৭ চনত মোৰ আলোকচিত্ৰ প্ৰদৰ্শনীৰ পিছত মই পাৰিত কাম কৰিবলৈ আৰম্ভ কৰিছিলো৷ কিন্তু সেই প্ৰদৰ্শনীখনে মোক এজন ভিজুৱেল আৰ্টিষ্ট হিচাপে পৰিচিত কৰালে যিটোবানাৱিল ৰেভাথি আৰু শিল্পী নটৰাজন অবিহনে হয়তো সম্ভৱ নহ’লহেঁতেন৷ ২০০৪ চনৰ চুনামিৰ পিছত ৰেভাথিয়ে নাৰিক্কুৰাভাৰ আৰু বুম বুম মাট্টুকাৰাৰ সম্প্ৰদায়ৰ শিশুসকলৰ বাবে বানাৱিল বিদ্যালয় আৰম্ভ কৰিছিল৷ মই তেওঁৰ জৰিয়তে থুৰাৱিক্কাডু আৰু ওন্নাকাডু বসতিৰ লোকসকলৰ সন্তানসকলক লগ পাইছিলো, ঠিক সেই মুহূৰ্ততে মোৰ অনুভৱ হৈছিল, মই যেন তেওঁলোকৰ জীৱনচৰ্যাক আলোকচিত্ৰ আৰু লিখনিৰ মাজেৰে আবদ্ধ কৰিব লাগিব৷
বুম বুম মাট্টুকাৰাৰ এক অনুসূচীত জনজাতি, এওঁলোকক আদিয়ান হিচাপেও জনা যায় (আঠিয়ান বুলিও লিখা হয়)৷ এই ‘বুম বুম’ শব্দটো মাট্টুকাৰাৰ অথবা গৰখীয়া সম্প্ৰদায়ৰ লোকসকলে বালি ঘড়ীটোৰ দৰে আকৃতিৰ ঢোল উৰুমিত বজোৱা শব্দৰ পৰা উৎপত্তি হৈছে৷ সম্প্ৰদায়টোৱে বিশেষ ধৰণে সজ্জিত এটা ষাঁড় গৰুৰ সহায়ত মানুহৰ ভূত-ভৱিষ্যত ক’ব পৰা বৃত্তিটোৰ আলম লৈয়ে এই নামটোৰ উৎপত্তি হোৱা বুলি কোৱা হয়৷






























