মহিলাসকলে পথাৰত ভূঁই ৰুই থকাৰ সময়ত পানী গছকি কৰা শব্দ আৰু মাজে মাজে আকাশত উৰি থকা চৰাই জাকৰ কলৰৱে এক অপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিছিল। আৰু তাৰ পিছত, স্বতস্ফুৰ্তভাৱে মহিলা পাঁচগৰাকীয়ে বিহু নাম এটা জুৰিবলৈ ধৰে।
সিদিনা আছিল জুলাই মাহ বা অসমীয়া কেলেণ্ডাৰৰ আহাৰ মাহ, ধান ৰোৱাৰ প্ৰথম দিন, যাক নভূঁই বুলি কোৱা হয়। অৰ্থাত নতুন ভূঁই ৰোৱাৰ দিন। তিতাবৰৰ হ'ল'গুৰি গাঁৱৰ হীৰা শইকীয়াৰ পথাৰখনত বেলিটোৱে ছাল পুৰি নিব যেন লাগে, বতাহত আৰ্দ্ৰতা বেছি, আৰু ভুঁই ৰোৱা কামটো অতি কষ্টদায়ক। ৫২ বছৰীয়া হীৰা শইকীয়াৰ চাৰিগৰাকী বান্ধৱীয়ে এই ঋতুৰ প্ৰথম দিনত তেওঁক সহায় কৰিবলৈ বুলি আহিছে। গুণীতা শইকীয়া, ৫০, গাঁৱৰ এগৰাকী আশা কৰ্মী; অৰুণা বৰা, ৫৫, অংগনৱাড়ী কেন্দ্ৰৰ ল’ৰা-ছোৱালীৰ বাবে দুপৰীয়াৰ আহাৰ ৰান্ধে; বৃষ্টিপৰ্ণা সোণোৱাল, ৩৫, এসময়ত গাঁৱৰ পঞ্চায়তৰ সদস্যা আছিল; আৰু নমী শইকীয়া, ৩৫। প্ৰত্যেকগৰাকী মহিলাই নিজৰ সৰু মাটি এটুকুৰাত ধান খেতি কৰে তাৰ পৰা তেওঁলোকৰ পৰিয়ালবোৰক সহায় কৰে। অন্য কোনোবা এদিন হীৰা শইকীয়াই তেওঁলোকৰ কোনোবা এগৰাকীক সহায় কৰিবগৈ।






