‘‘তোমাৰ ছোৱালী ডাঙৰ হৈ আহিছে আৰু এতিয়ালৈ ছুলাভাৰ বাবে তুমি তাইৰ কাণ ফুটোৱা নাই?’’ বয়সীয়া মহিলাসকলে এইদৰে প্ৰশ্ন কৰে৷ কাষতে বহি থকা ছোৱালীজনীৰ ফালে চাই তেওঁলোকে পুনৰ কয়, ‘‘বেন, হাবে তাৰা লগন মাতে পান আবেছে৷ ছাছাৰা পক্ষভালে ছাগাইমা কৰেলি বলিনি মুদাত পুৰি থাই গৈ চে৷ (ভনিটী, তোমাৰ সোনকালেই বিয়া হ’ব৷ বিয়াৰ বাবে তেওঁলোকে দিয়া সময় উকলিবলৈ হৈছে)৷’’ কিশোৰী কন্যাৰ মাকক বিয়াৰ পূৰ্বে জীয়েকৰ কাণ ফুটাবলৈ বয়সীয়া মহিলাসকলে দিয়া এনে ধৰণৰ উপদেশ মোৰ ভোপা ৰাবৰি সম্প্ৰদায়ত তেনেই চিনাকি৷
মোৰ মনত আছে, মোৰ ভণ্টি নাথি বেন মোৰিয়ে ১৭ বছৰ বয়সত সেই বিশেষ কাণফুলি পিন্ধিবলৈ সাজু হৈছিল৷ তাইৰ বয়স এতিয়া ২৪৷ তাই সদায়েই ছুলাভা পৰিধান কৰে৷ এই ছুলাভা হ’ল এক ছেণ্টিমিটাৰতকৈও বহল আৰু ডাঙৰ সোণৰ কাণফুলি৷ বিবাহৰ দিন ধাৰ্য কৰাৰ সময়ত ভাবী বোৱাৰীয়েকক পৰিয়ালটোৱে এই দুই তোলা (২২.৩২ গ্ৰাম) ওজনৰ বিশেষ কাণফুলিযোৰ উপহাৰ হিচাপে দিয়ে৷ এই কাণফুলিযোৰৰ মূল্য প্ৰায় দুই লাখ টকা হয়৷
আমাৰ বিপদৰ সময়ত এই ছুলাভাই বিপদৰ বন্ধু হিচাপে কাম কৰে৷ কিন্তু এই অলংকাৰবিধ নিৰ্মাণৰ সময়ত বহু পৰিয়ালেই ঋণৰ বোজাত পোত যাবলগীয়া হয়৷ আজিকালি সোণৰো দাম বাঢ়ি আহিছে আৰু সেই ব্যয় বহন কৰিব পৰাকৈ আমাৰ সিমান টকা নাথাকে। পশুপালনে আমাৰ জীৱিকা। আমাৰ গাঁৱত এই সম্প্ৰদায়ৰ প্ৰায় ৩,০০০ লোক আছে আৰু তাৰে ৬০ শতাংশই দৈনিক মজুৰিৰ কাম কৰে৷ বাকী ৪০ শতাংশই পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰে৷





