দেওবাৰৰ পুৱাটোতো ব্যস্ততাৰ অন্ত নাই জ্যোতিৰিন্দ্ৰ নাৰায়ণ লাহিড়ীৰ। হুগলী জিলাৰ নিজৰ এপাৰ্টমেণ্টৰ এটা কোঠাৰ চুকত ১৯৭৮ চনতে মেজৰ জেমছ ৰেনেলে অংকন কৰা সুন্দৰবনৰ প্ৰথমখন মানচিত্ৰ সন্মুখত মেলি লৈ নিজৰ ভাবত বিভোৰ হৈ আছে ৫০ বৰ্ষীয় লাহিড়ী।
পুৰণি মানচিত্ৰখনলৈ একান্তমনে কিছুসময় চাই থকাৰ পিছত মানচিত্ৰখনৰ ওপৰৰ এটুকুৰা নিৰ্দিষ্ট ঠাইত হাতৰ তৰ্জনী আঙুলিটো থৈ লাহিড়ীয়ে কৈ উঠে, ‘‘ব্ৰিটিছৰ সমীক্ষাৰ ভিত্তিত সুন্দৰবনৰ এইখন প্ৰথম প্ৰামাণিক মানচিত্ৰ। এই মানচিত্ৰত কলকাতালৈকে বিস্তৃত মেংগ্ৰোভ দেখুওৱা হৈছে। তেতিয়াৰ পৰা এতিয়ালৈকে বহুত সলনি হৈছে।’’ ভাৰত আৰু বাংলাদেশ দুয়োখন দেশকে সামৰি লৈ বিশ্বৰ সৰ্ববৃহৎ মেংগ্ৰোভৰ স্থল এই সুন্দৰবন। অপৰিসীম জৈৱ বৈচিত্ৰ্য আৰু ৰয়েল বেংগল টাইগাৰৰ বাবে বিশ্বজুৰি প্ৰসিদ্ধ সুন্দৰবন।
লাহিড়ীৰ কোঠাৰ বেৰৰ সৈতে সংলগ্ন বুক ছেল্ফবোৰ ভৰি আছে সুন্দৰবনৰ বিষয়ে কল্পনা কৰিব পৰা প্ৰতিটো বিষয়ৰ শ শ শিৰোনামেৰে। উদ্ভিদ, প্ৰাণী, দৈনন্দিন জীৱন, মানচিত্ৰ, এটলাছ আৰু ইংৰাজী আৰু বাংলা ভাষাৰ শিশুৰ অসংখ্য কিতাপে এটা সৰু পুথিভঁৰাললৈ সলনি কৰিছে লাহিড়ীৰ এই কোঠাটো। ইয়াতেই তেওঁ ২০০৯ চনত আইলাই ঘূৰ্ণীবতাহে অঞ্চলটোত চলোৱা ধ্বংসলীলাৰ পিছত তেওঁ আৰম্ভ কৰা সুন্দৰবন বিষয়ক ত্ৰিমাসিক প্ৰকাশন ‘শুধু সুন্দৰবন চৰ্চা’ৰ বাবে বিষয়সমূহৰ ওপৰত গৱেষণা আৰু পৰিকল্পনা কৰে।
"পৰিস্থিতিৰ বুজ ল’বলৈ মই বাৰে বাৰে সেই অঞ্চললৈ যাত্ৰা কৰিছিলো। সেয়া অতি ভয়ংকৰ আছিল।"- ঘূৰ্ণিবতাহৰ পিছৰ পৰিস্থিতিৰ কথা সুঁৱৰি তেওঁ কয়। '‘শিশুবোৰ বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হৈছিল, অংসখ্য লোকে ঘৰ হেৰুৱাইছিল, পুৰুষসকলে কামৰ সন্ধানত সেই ঠাইৰ পৰা অন্য ঠাইলৈ গুছি যাবলগীয়া হৈছিল আৰু পৰিয়ালৰ সমস্ত দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল মহিলাসকলে। তেওঁলোকৰ ভাগ্য সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছিল নদীৰ মথাউৰিবোৰ ঠাইতে থাকিব নে ভাঙিব তাৰ ওপৰত।”
লাহিড়ীৰ মতে এই দুৰ্যোগক সংবাদ মাধ্যমে একপ্ৰকাৰ আওকাণ কৰিছিল আৰু প্ৰচাৰ কৰিছিল যদিও সেয়া কেৱল ওপৰে ওপৰে। তেওঁ কয়, "সংবাদ মাধ্যমে সুন্দৰবনৰ বিষয়ে ভুল বাৰ্তা প্ৰচাৰ কৰিছিল। সাধাৰণতে বাঘৰ আক্ৰমণ বা বৰষুণৰ বিৱৰণ আপুনি বাতৰিত পাব। কিন্তু যেতিয়া বৰষুণ বা বানপানী নহয়, তেতিয়া সুন্দৰবনক লৈ খুব কমেইহে বাতৰি প্ৰচাৰ হয়। দুৰ্যোগ, বন্যপ্ৰাণী আৰু পৰ্যটন– সেইটোৱেই হৈছে সংবাদ মাধ্যমৰ আগ্ৰহ।”









