কোনেও তেওঁৰ নাম নাজানিছিল। চুবুৰীটোৰ এজন উন্মাদ বৃদ্ধ বুলিয়েই তেওঁৰ পৰিচয়। মানুহে তেওঁক উন্মাদ বোলাৰ কাৰণ আছিল। তেওঁ দিনত গলিয়ে গলিয়ে হাঁহি ফুৰিছিল আৰু ৰাতি ৰাতি কান্দিছিল। সিন্ধি নাইবা উৰ্দুতে কেৱল নিজৰ লগত কথা পাতিছিল। কথা মানে বেবেৰিবাং কথাই কৈছিল। মাত্ৰ তাৰ মাজতে তেওঁ গালিবৰ চে’ৰ গাইছিল:
কৌই বীৰানি চী বীৰানি হ্যে
দস্ত কৌ দেখ কে ঘৰ য়াদ আয়া
(কি যে নিৰ্জনতাৰ নিঃসংগতা
মৰুভূ দেখি মনত পৰে ঘৰলৈ)
তেওঁ গালিবৰ চে’ৰ গাই থকা শুনিলে এক মুহূৰ্তৰ বাবে আপুনি প্ৰজ্ঞা আৰু উন্মাদনাৰ মাজৰ ব্যৱধান ক্ষীণ হৈ অহা দেখিলেহেঁতেন।
বহু ঋতু পাৰ কৰা তেওঁৰ ঘৰটো এতিয়া চুবুৰীটোৰ এটা চুকত পৰিত্যক্ত হৈ ৰৈছে। তাতেই কোনেও নগৰকা বাৰান্দাখনত দুটা ৰাস্তাৰ কুকুৰৰ সৈতে তেওঁ ৰাতি ৰাতি জাগি থাকিছিল।
তেওঁ কেতিয়া সেই ঘৰ সাজিছিল, সেয়া কোনেও নাজানে। তেওঁৰ বয়স কিমান, সেয়াও কোনোৱে নাজানিছিল। কিন্তু তেওঁৰ বয়স লিখা আছিল শোতোৰা পৰা মুখাবয়ৱত, মুখ নহয় সেইখন মোহাৰি পেলোৱা দেশৰ মানচিত্ৰহে যেন।
তেওঁক লৈ মানুহৰ মুখ বাগৰা কাহিনী কিছুমান আছে। কিছুমানে কয় দেশ বিভাজনৰ সময়ত তেওঁৰ পৰিয়ালটো সিপাৰে থাকি গৈছিল। কিছুমানে কয় তেওঁৰ পৰিয়ালটো তাৰ বহু পিছত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল। কিছুমানে কয় যে তেওঁ এসময়ত এজন ব্যৱসায়ী আছিল, কিন্তু তেওঁৰ পত্নী আৰু দুই পুত্ৰক দেশৰ পৰা বিতাড়িত কৰি দিয়াৰ পিছত তেওঁ উন্মাদ হৈ পৰিছিল। দাড়ী আৰু মূৰত মেৰিয়াই লোৱা সেউজীয়া কাপোৰখনলৈ চাই তেওঁ মুছলমান বুলি কিছুমানে ভাবিছিল। কিন্তু সন্ধিয়া বেৰৰ খাঁজত চাকি জ্বলাই প্ৰাৰ্থনাৰ নিচিনা কিবা গুণগুণোৱা শুনি কিছুমানে আকৌ তেওঁক হিন্দু বুলিও ভাবিছিল। কিন্তু যেয়ে নহওক, সহানুভূতিশীল মানুহে তেওঁক এৰেহা খাবলৈ দিছিল। ৰেচন পোৱাটো যেতিয়া টান হৈ পৰিছিল, তেতিয়া তেওঁলোকে যৎসামান্য পাৰে, সহায় কৰিছিল।
যোৱা কেইটামান দিনত কিন্তু তেওঁ খুদকণ এটাও মুখত দিয়া নাছিল। আগৰ দৰে তেওঁ ৰাস্তাত ঘূৰি ফুৰা নাছিল। যেন কোনোবাই তেওঁক শিকলি লগাই থৈ দিছিল। বাৰান্দাখনত চাকিও জ্বলা নাছিল, গালিবৰ চে’ৰো কোনেও শুনা নাছিল। এটা চুকত তেওঁ মুচিকুচি সোমাই ৰৈছিল। কাকো তেওঁ কাষ চাপিব দিয়া নাছিল। তেওঁৰ মৃত্যু নোহোৱালৈকে। কিছুমানে কৈছিল যে কাঁটাতাঁৰ তেওঁৰ গলেৰে সোমাই গৈছিল আৰু ফচি ৰৈছিল। কোনোবাই আকৌ তেওঁৰ ক’ভিড হোৱা বুলি কৈছিল।


