২০২১ৰ ডিচেম্বৰ মাহৰ হাড়কঁপোৱা জাৰত অমৰ থোৰবোলেয়ে কুঁৱলি ফালি ৭০ কিলোমিটাৰ দূৰৰ সোলাপুৰৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ দিশে মটৰ চাইকেল চলাই গৈছে। লগত নিছে এটা এক গেলন ডিজেল আৰু এটা দিয়াশলাইৰ বাকচ।
থোৰবোলে তেওঁৰ বাইকখন এঠাইত থৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দিশে গৈ থকা অৱস্থাতে লাহেকৈ গেলনটোৰ সাফৰখন খুলিলে আৰু ডিজেলখিনি গাত ঢালি ল’লে। তাৰপিছত জ্বলিল দিয়াশলাইৰ কাঠি। তাৰ পিছতহে আহিল পুলিচ।
এই মৰ্মন্তুদ ঘটনাটো ঘটাৰ আগৰ দুমাহ ধৰি তেওঁ গৃহচহৰ বাৰ্ছিত লোন ৰিকভাৰি এজেণ্টসকলৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল। ৩৮ বছৰীয়া থোৰবলে আৰু তেওঁৰ পৰিয়ালক এজেণ্টে নিতৌ ভাবুকি দিছিল। তেওঁ প্ৰকৃততে আবেদন কৰা ঋণৰ পৰিমাণতকৈ পাঁচগুণ অধিক ধন আদায়ৰ বাবে তেওঁক জোৰ-জবৰদস্তি কৰা হৈছিল। অথচ আৰক্ষীয়ে তেওঁৰ এই গুৰুতৰ সমস্যা সমাধানৰ বাবে গোচৰটোৰ তদন্ত কৰিবলৈ পোনচাটে নাকচ কৰিছিল। নাকচ কৰাৰ কাৰণো আছিল। কিয়নো যিসকল লোকৰ বিৰুদ্ধে তেওঁ প্ৰৱঞ্চনাৰ অভিযোগ আনিব বিচাৰিছিল, চহৰখনত সেইসকল লোক ৰাজনৈতিকভাৱে খুবেই প্ৰভাৱশালী লোক আছিল।
ইয়াৰ ঠিক এবছৰ পূৰ্বে, ২০২০ চনৰ মে’ মাহত মাৰাঠা সম্প্ৰদায়ৰ থোৰবোলে তেওঁৰ সতেজ জলপানৰ ক্ষুদ্ৰ ব্যৱসায়টো অলপ বহলোৱাৰ সপোন দেখিছিল। জীৱনজোৰা সঞ্চয়ৰ এক বুজন পৰিমাণ জোৰা দি তেওঁ এডোখৰ মাটি কিনিছিল। তেওঁৰ দোকানখন আছিল প’হা আৰু বড়াৰ। পুৱাৰ এই জলপানৰ লগতে মছলাৰো তেওঁ ব্যৱসায় আৰম্ভ কৰাৰ মন মেলিছিল। নতুনকৈ কিনা মাটিখিনিত এটা গুদামঘৰ সজাৰো কথা তেওঁ চিন্তা কৰিছিল।
সেই উদ্দেশ্যে তেওঁ পাঁচ লাখ টকাৰ এটা ঋণ লোৱাৰ কথা চিন্তা কৰে। থোৰবোলেয়ে শিৱ শক্তি আৰ্বান কোপাৰেটিভ বেংকত ঋণৰ বাবে আবেদন কৰাৰ সিদ্ধান্ত লয়। কিয়নো সেই বেংকৰ শাখাটোৰ পৰিচালক গণেশ ৱাৰাংগুলে আছিল থোৰবোলেৰ প্ৰাক্তন মালিক যুৱৰাজ ৱাৰাংগুলেৰ ব্যৱসায়িক অংশীদাৰ।
সেই পৰিচয় থকাৰ বাবেই “আগৰ দৰ্খাস্তখনত ভুল আছিল” বুলি কৈ গণেশে যেতিয়া থোৰবোলেক আকৌ এবাৰ কাগজবোৰত স্বাক্ষৰ কৰিবলৈ ক’লে, তেওঁ আৰু তেওঁৰ পত্নীয়ে ভাবিলে যে এয়া ৰুটিনমাফিক কাম।
জুলাইৰ আগভাগত (২০২০) গণেশে ক’লে যে তেওঁৰ ঋণটো অনুমোদিত হৈছে আৰু ঋণ পৰিশোধৰ গেৰাণ্টি হিচাপে তেওঁক দহখন স্বাক্ষৰিত চেক জমা দিব লাগিব।
কোনোধৰণৰ প্ৰশ্ন নকৰাকৈ দম্পতিহালে যি কোৱা হ’ল, তাকেই কৰিলে। “তেওঁলোকৰ লগত (গণেশ আৰু যুৱৰাজৰ লগত) আমাৰ ভাল সম্পৰ্ক আছিল। বিশ্বাস আছিল,” থোৰবোলেৰ পত্নী সুজাতাই (৩৪) কয়।
এই বিশ্বাস মাত্ৰ এবছৰহে থাকিল। তাৰ পিছতে তেওঁলোকৰ ঘৰলৈ ৰিকভাৰি এজেণ্ট সঘনাই আহিবলৈ ধৰিলে। সুজাতাক ধমকি দিলে যে থোৰবোলেয়ে তেওঁ লোৱা ২৫ লাখ টকাৰ গৃহ ঋণ পৰিশোধ নকৰিলে বেংকে তেওঁলোকৰ সম্পত্তি জব্দ কৰিব। “মই একো উৱাদিহ পোৱা নাছিলো,” তেওঁ কয়।











