বাংগালামেডুৰ ‘ভেলিকাঠান মাৰাম’ নামৰ গছ এজোপাৰ শীতল ছাঁত আৰ. বানাজা নামৰ মানুহগৰাকী বহি আছিল। অন্য ১৮ গৰাকী মহিলা আৰু তেওঁলোকক সংগ দিছিল দুই-তিনজন পুৰুষেও৷ গাওঁখনত বাস কৰা সৰ্বমুঠ ৩৫ ঘৰ ইৰুলা জাতিৰ মানুহৰ বেছিভাগ প্ৰাপ্তবয়স্ক লোকেই দিন হাজিৰা কৰা শ্ৰমিক৷ বিচৰ ওচৰা-ওচৰি হোৱা বানাজাইয়ো একে কামেই কৰে৷ সেইদিনা আছিল ২০১৯ চনৰ ডিচেম্বৰ মাহৰ এটা ৰাতিপুৱা আৰু গছডালৰ তলত একেলগে বহি তেওঁলোকে তেতিয়া এশ দিনৰ কামৰ (মনৰেগাৰ, তামিল ভাষাত ‘নুৰ, নাল ভেলাই’) আৰু নিজৰ নিজৰ মজুৰিৰ বিষয়ে আলোচনা কৰি আছিল৷ আৰ. বানাজাই ক’লে, “গোটেই বছৰটোত আমি কেতিয়াও এশ দিন কাম কৰিবলৈ সুযোগ নাপাওঁ, এইটো বছৰত এতিয়ালৈকে মাত্ৰ ৫০ দিন মানহে কাম কৰিছো৷”
এই গাওঁখন হ’ল তামিলনাডুৰ থিৰুভাল্লুৰ নামৰ জিলাখনৰ তিৰুট্টানি খণ্ডৰ অন্তৰ্গত চেৰুক্কানুৰ পঞ্চায়তৰ এটা অংশ৷ এই অঞ্চলৰ পুৰুষসকলে সাধাৰণতে মনৰেগাৰ কাম যেনে – খেতি পথাৰৰ কাষত খাল খন্দা, আমৰ বাগিচাসমূহত পানী দিয়া, নিৰ্মাণস্থলীত শ্ৰমিক হিচাপে কাম কৰা, চাং বন্ধা বস্তু বনাওতে ব্যৱহাৰ হোৱা কাঠ, কাগজৰ সজ্জা, খৰি আৰু অন্যান্য কাৰ্যত ব্যৱহাৰ হোৱা ছাভুক্কু গছ কটা ইত্যাদি ধৰণৰ কাম বিচাৰি ফুৰে৷ এই কামবোৰ কৰি তেওঁলোকে দিনে ৩০০ টকা উপাৰ্জন কৰে৷
কিন্তু তেওঁলোকে সদায় এই কামবোৰ পাব নে নাপাব তাৰ কোনোধৰণৰ নিশ্চয়তা নাই। বিশেষকৈ বাৰিষাৰ সময়খিনিত এই মানুহখিনিৰ বহুত কষ্ট হয়, কিয়নো তেওঁলোকক দিবলৈ মানুহৰ কামেই নাথাকে। তামিলনাডুৰ বিশেষভাবে দুৰ্বল জনজাতীয় গোট ইৰুলা জাতিৰ মানুহখিনিয়ে তেনে সময়ত বিনা উপাৰ্জনৰেই কাম চলাবলগীয়া হয়৷ তেওঁলোকে খাদ্যৰ বাবে ওচৰে-পাজৰে থকা জংঘলসমূহত সৰু সৰু জীৱ-জন্তু চিকাৰ কৰি বা খাবলৈ উপযোগ্য ফল-মূল আৰু গছৰ আলু বা কন্দ চিঙি আনে৷ (চাওক - বাংগালামেডুৰ মাটিৰ তলৰ পৰা খান্দি উলিওৱা সম্পদ আৰু বাংগালমেডুত এন্দুৰৰ সৈতে অন্য এক দুনীয়াত)।
ভাবিবলগীয়া কথাটো হ’ল মহিলাসকলৰ বাবে বিক্ষিপ্ত প্ৰকৃতিৰ এই কামবোৰ পাবলৈ আৰু কষ্টকৰ৷ তেওঁলোকে মাজে-সময়ে নিজৰ নিজৰ স্বামীৰ লগত ইটা ভাঁটাসমূহত কাম কৰে। কিন্তু এয়াও স্থায়ী নহয় কাৰণ ইটাৰ ভাঁটাৰ কাম জানুৱাৰী-ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈ খুব বেছি মে’-জুনলৈকে চলে। এইখিনি সময়ত গিৰিয়েক-ঘৈণীয়েক দুয়ো মিলি মুঠেই ৬০০০ টকা মানহে উপাৰ্জন কৰিবলৈ সক্ষম হয়।














