১৯৬০ৰ দশকৰ মাজভাগৰ ঘটনা এটা মনত পৰাত দিলাৱৰ শিকালগৰৰ মুখত হাঁহি বিৰিঙিছে। কৰ্মশালাৰে কোনো এজন কমাৰৰ হাতৰ পৰা লো এটুকুৰা ছিটিকি আহি তেওঁৰ হাতৰ আঙুলিত আঘাত কৰিছিল। পাঁচটা দশকৰ পিছতো তেওঁৰ হাতত সেই চিন স্পষ্ট। তাকে দেখুৱাই তেওঁ কয়, “মোৰ হাতৰ তলুৱাখন চাওকচোন, লোৰ দৰে কঠিন হৈ পৰিছে।”
যোৱা পাঁচটা দশকত ৬৮ বছৰীয়া দিলাৱৰে পাগত উঠা লো আৰু তীখাৰ ওপৰত দিনে কমেও ৫০০ বাৰ হাতুৰী মাৰিছে। অংকটো কৰি চালে এই ৫৫ বছৰ তেওঁ নিজৰ পৰম্পৰাগত পাঁচ কিলো ওজনৰ ঘান (হাতুৰী)ৰে লো-তীখাৰ ওপৰত প্ৰায় ৮০ লাখ বাৰ হাতুৰী কোবাইছে।
শিকালগৰ পৰিয়ালৰ সদস্যসকল কমাৰ। চাংলি জিলাৰ ৱালৱা তালুকত তেওঁলোকে এটা শতিকাৰো অধিক কাল ঘৰুৱা কাম-কাজ আৰু খেতিপথাৰত ব্যৱহৃত সা-সঁজুলি হাতেৰে নিৰ্মাণ কৰি আহিছে। তেওঁলোকৰ নিৰ্মিত সৰ্বাধিক খ্যাতি থকা সঁজুলিবিধ হৈছে উৎকৃষ্টমানৰ আদকিট্টা (মাৰাঠী ভাষাত)। তামোল কটা এই সঁজুলিবিধৰ ডিজাইন, স্থায়িত্ব আৰু ধাৰৰ নাম আছে।
এই আদকিট্টাৰ আকাৰ চাৰি ইঞ্চিৰ পৰা দুই ফুট পৰ্য্যন্ত হয়। সৰু আদকিট্টাৰে চুপাৰী (তামোল), ক্কাথ, খোব্ৰা (শুকুৱা নাৰিকল) আৰু চুটলি (নাৰিকলৰ ৰছী) কটা হয়। ডাঙৰবোৰেৰে সোণ, ৰূপ আদি (সোণাৰীয়ে ব্যৱহাৰ কৰে) আৰু ডাৰ তামোল কাটিবলৈ ব্যৱহাৰ কৰা হয়।
শিকালগৰ পৰিয়ালৰ নিৰ্মিত তামোল কটা সঁজুলিবিধৰ এনে নাম আছে যে দুৰ-দুৰণিৰ পৰা মানুহে সেয়া নিবলৈ আহে। মহাৰাষ্ট্ৰৰ আকলুজ, ক’লহাপুৰ, ওচমানাবাদ, ছাংগোলে আৰু ছাংলি, কৰ্ণাটকৰ আথনি, বিজাপুৰ, ৰায়বাগ আদি বিভিন্ন ঠাইৰ পৰাও মানুহ আহে।










