“মই অ’ভি অনুবাদৰ কাম কৰি যাম বুলি ভাবিছো।”
এইখিনি কথা কওতে আশাতাঈ আছিল অশীতিপৰ। এবাৰ পৰি তেওঁৰ স্বাস্থ্য বেয়া হৈ গৈছিল, সেয়ে লেপটপ লৈ কাম কৰাটো তেওঁৰ বাবে আছিল কষ্টকৰ। সেয়ে আমি হাতেলিখা অনুবাদৰ কথা ভাবিলো। তেওঁ ৮০-১০০ টা যুগ্মক থকা প্ৰিণ্টআউট এটাত অনুবাদবোৰ লিখি যায়। সেইখিনি কাম শেষ হোৱাৰ পিছত তেওঁ দ্বিতীয়টো কামলৈ আগবাঢ়িছিল।
জীতেন্দ্ৰ মৈদে তেওঁ কৰা অনুবাদৰ সময়ত আৰু ডেটাবেচত সেয়া আপডেট কৰাৰ ক্ষেত্রত ভালেখিনি সহায় কৰিছিল।
“গ্ৰন্থাগাৰিক মানে এগৰাকী গুৰুগম্ভীৰ ব্যক্তি যিয়ে কিতাপৰ যত্ন লয় - কলেজীয়া দিনত মই তেনেকৈয়ে ভাবিছিলো। কিন্তু ১৯৯৬ত যেতিয়া মই আশাতাঈ ওগলেক হেমাতাঈ ৰাইৰ্কাৰৰ ঘৰত লগ পালো, তেতিয়াহে এই গণ্ডিৰ ভিতৰত থকা ভাব আঁতৰিল,” জীতেন্দ্ৰ মৈদে কয়। তেওঁ প্ৰায় তিনিটা দশক আশা তাঈৰ লগত জাঁতশালৰ গীত অনুবাদৰ কাম কৰিছে - ১৯৯৬ৰ পৰা জীৱনৰ শেষ দিনকেইটালৈকে।






