এতিয়া মহাৰাষ্ট্ৰত বলধ গৰুৰ গাড়ীৰ দৌৰ আইনীভাৱে বৈধ৷ ২০১৭ চনৰ এপ্ৰিলত ৰাজ্যিক বিধানসভাই ‘জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ (মহাৰাষ্ট্ৰ সংশোধনী) বিধেয়ক’ গৃহীত কৰিছিল৷ এই আইনে বলধ গৰুৰ দৌৰক বৈধ ঘোষণা কৰে৷ এই আইনখন বহু পৰিমাণে তামিলনাডুত জাল্লিকাট্টু বৈধ কৰিবলৈ গৃহীত কৰা আইনখনৰ দৰেই৷
এতিয়া ৰাজ্য চৰকাৰে এই সূত্ৰযোগে সংবাদ মাধ্যমক জনাইছে যে মহাৰাষ্ট্ৰ বিধানসভাই গৃহীত কৰা বিধেয়কখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে৷
ই এটা দশকৰ পূৰ্বৰ স্মৃতিবোৰ পুনৰ সজীৱ কৰি তুলিছে৷ মই চন্দ্ৰপুৰ জিলাৰ ডেলানবাড়ী গাঁৱত অনুষ্ঠিত হোৱা দৌৰৰ পথাৰত এটা দিন অতিবাহিত কৰিছিলোঁ৷ সেই সময়ত এই দৌৰ বৈধ নাছিল (কিন্তু সেয়া অতি জনপ্ৰিয় আছিল)৷ সেয়া আছিল ২০০৭ চনৰ আৰম্ভণিৰ কথা৷ মই এহাল বলধ গৰুৰ খুন্দাত মৃত্যুমুখত পৰাৰ পৰা কথমপি ৰক্ষা পৰিছিলোঁ; হয়তো সেই সময়ত বলধ গৰুৰ গাড়ীৰ চেপাত মৃত্যু হোৱা অতি কম সংখ্যক মানুহৰ ভিতৰত মই এজন হ’লোহেঁতেন৷
অনুবাদ: মনোৰঞ্জন মজুমদাৰ


