১৯৮৪ৰ কথা, যেতিয়া ফ্ৰণ্টলাইন আলোচনীখনৰ জন্ম হৈছিল, মই কৃষকসকলৰ ঘৰলৈ যাওতে প্ৰতিঘৰতে মোক এগিলাচ সতেজ গাখীৰেৰে আদৰণি জনোৱা হৈছিল। দক্ষিণ মহাৰাষ্ট্ৰৰ কোনো কোনো অঞ্চলত আপুনি মানুহ এঘৰৰ পৰা ওলাওতে আকৌ এগিলাচ গাখীৰ টোপোলা কৰি আপোনাক দি পঠিয়াব। অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত গাখীৰ আপোনাক ৰূপৰ গিলাচত দিব - সেয়া আলহীৰ বাবে গৃহস্থৰ ফালৰ পৰা সন্মান। খেতিয়ক এজনৰ স্বাচ্ছন্দ্যৰ সেয়া চিন।
তামিলনাডুৰ খেতিয়কৰ ঘৰত বিশুদ্ধ পিতলৰ গিলাচত গাখীৰ পোৱা গৈছিল। কেতিয়াবা সেই পিতলৰ গিলাচৰ আপুনি পাব বৰ বঢ়িয়া ফিল্টাৰ কফী। নব্বৈৰ দশকত বহু ৰাজ্যত ৰূপৰ গিলাচৰ ঠাই ল’লে নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল)ৰ গিলাচে। ১৯৯১ৰ পিছৰ কালচোৱাতো আপোনাক সতেজ গাখীৰ দিব ঠিকেই, কিন্তু মাটিৰ (বিশেষকৈ চীনামাটিৰ) কাপত। ১৯৯০ৰ মাজভাগত আমাৰ হাতলৈ আহিল আইনাৰ গিলাচ।
২০০০ চনলৈ গাখীৰৰ ঠাই ল’লে চাহে। মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলত ২০০৩-০৪লৈ আছিল ৰঙা চাহ। চাহত চেনী আছিল এক প্ৰকাৰৰ চেনেহ আৰু সন্মানৰ চিন। সেয়াও নাইকিয়া হ’ল। সেই দশকটোৰে মাজভাগত কাচৰ গিলাচো অদৃশ্য হৈ পৰিল। ৰঙা চাহ আহিল অতিকৈ আপচু প্লাষ্টিকৰ কাপত, যিটো চহৰে-নগৰে ৰেলে-বাছে উপচি পৰিল।
২০১৮ত মই মুক্তিযুঁজাৰু গণপতি বাল যাদৱক মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ তেওঁৰ ঘৰত সাক্ষাৎ কৰিলোঁ। কেইঘণ্টামান আমাৰ কথোপকথন চলিল। তাৰপিছত তেওঁ মোক এগিলাচ গাখীৰ দি পঠালে। এলুমিনিয়ামৰ গিলাচ এটাত।

















