ভাৰতীয় সেনাবাহিনীত নিযুক্তি পৰীক্ষাৰ বাবে শাৰীৰিক ফিটনেছৰ প্ৰশিক্ষণ ক’ভিডৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল বিকাশ কুমাৰে। ২০২২ৰ আগভাগত তেওঁ পুনৰ নিজৰ দৈনিক কচৰৎ আৰম্ভ কৰে। সেই দিনচৰ্য্যাত আছিল বিমানবন্দৰৰ খেলপথাৰত থকা ৪০০ মিটাৰ ট্ৰেকটোত ১.৬ কিলোমিটাৰ দূৰত্ব দৌৰা। “মই সেই দূৰত্ব প্ৰায় ৫ মিনিট ২০ ছেকেণ্ডৰ পৰা ২৫ ছেকেণ্ডত সম্পূৰ্ণ কৰিছিলো,” তেওঁ কয়।
তেওঁ টাইমিঙৰ ওপৰত নজৰ ৰাখি দিনটোত ৫-৬ বাৰ তেনেকৈ দৌৰৰ অনুশীলন কৰিছিল। তাৰ লগত আছিল আকৌ ৮-১০ বাৰ কুইক পুল-আপ, একাধিক স্কোৱেট, পুছ-আপ আৰু আন বিভিন্ন ব্যায়াম। “শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পালে (সেনাবাহিনীত নিযুক্তিৰ) মোৰ গাত ‘উৎকৃষ্ট’ বুলি মোহৰ মাৰিলেহেঁতেন,” তেওঁ কয়। কোনোবা প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ আগেয়েই যদি দৌৰ শেষ কৰে, তেওঁৰ বুকুত সেনা বিষয়াই সেই বিশেষ শব্দটো ষ্টাম্প মাৰি দিয়ে।
নিযুক্তিৰ শাৰীৰিক পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে বিকাশ সাজু আছিল।
কিন্তু ২০২২ৰ জুনত এনে এক বিপৰ্য্যয় নামি আহিল যে কেৱল বিকাশেই নহয়, যুৱপ্ৰজন্মৰ বহুতেই হৰা মানিবলগীয়া হ’ল। সেয়া আছিল ক’ভিডতকৈও মাৰাত্মক। সেয়া অতিমাৰী নাছিল, আছিল চৰকাৰী নীতিৰ পৰা উদ্ভৱ হোৱা ব্যাধি।
নাম আছিল অগ্নিপথ আঁচনি। আৰু যদি তেওঁ শাৰীৰিক পৰীক্ষাত সঁচায়ৈ ভাল কৰিলেহেঁতেন, তেতিয়া তেওঁ বুকুত সেই ‘উৎকৃষ্ট’ চিহ্নৰ পৰিৱৰ্তে তেওঁৰ ইউনিফৰ্ম আৰু আন সামগ্ৰীত কেৱল ‘অগ্নিবীৰ’ বুলি লিখা গ’লহেঁতেন।
















